এই কথা দোহাৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । মংগলবাৰে ৰহাৰ আমতলাত পঞ্চায়ত নিৰ্বাচনৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কে খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থ ক্ষুণ্ণ কৰাৰ লগতে এই বিধেয়কখনে হিন্দু-মুছলমানৰ মাজত সংঘাতৰ সৃষ্টি কৰিব ।
ইপিনে অসম গন পৰিষদে এককভাৱে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাত ৰাইজে দলটোক আদৰণি জনাইছে বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু নিৰ্বাচনত ৰাইজে অগপৰ প্ৰাৰ্থীক বিজয় নিশ্চিত কৰিব বুলি আশা প্ৰকাশ কৰে । সহস্ৰাধিক লোক উপস্থিত থকা নিৰ্বাচনী সভাখনত অগপৰ বহুগৰাকী নেতাই অংশগ্ৰহণ কৰি এক প্ৰকাৰে মিত্ৰজোঁট বিজেপিক কঠোৰ সমালোচনা কৰি অসম গণ পৰিষদক পুনৰুদ্ধাৰৰ চেষ্টা চলোৱা দেখা গৈছে ।
ইপিনে ৰাইজৰ উপস্থিতিয়েও দলটোলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে । আনপিনে বিজপি দলেও ৰহাত তুংগত তুলিছে প্ৰচাৰ । বিধায়ক ডিম্বেশ্বৰ দাসেও তৃণমূল পৰ্যায়ত দলীয় সাংগঠনিক স্থিতি অক্ষুন্ন ৰখাবলৈ যুদ্ধক্ষেত্ৰত নামি পৰিছে । সমালোচনামুখৰ হৈছে অগপ, কংগ্ৰেছৰ বিৰুদ্ধে । ৰহাৰ ২৭টা পঞ্চায়তৰ আটাইকেইটা বিজেপিয়ে দখল কৰিব বুলি এক প্ৰকাৰৰ হুংকাৰ দি নগৰিকত্ব সংশোধনী বিধেয়কৰ সম্পৰ্কত সাধাৰণ জনতা অজ্ঞাত বুলি মন্তব্য কৰি এয়া ওপৰত চলি আছে, তৃণমূলত ইয়াৰ কোনো প্ৰভাৱ নাই ।
উল্লেখ্য যে ৰহাত বিজপিৰ নিৰ্বাচনী সভাতো দেখিবলৈ পোৱা গৈছে তৃণমূল কৰ্মীৰ ব্যাপক উল্লাস । মুঠতে ৰহাত পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ দল, প্ৰাৰ্থী তথা সাধাৰণ জনতাও । পিচে নিৰ্বাচনৰ পিচত কি পাব খাটি খোৱা জনতাই । সেয়া কিন্তু নাজানে কোনেও ।
- Log in to post comments
- 49 views