মৰিগাঁৱৰ ধৰমতুলত শিল বালি মাফিয়াৰ বিৰুদ্ধে সৰব বন বিভাগ

ৌ

মৰিগাঁৱৰ পৰা জিতুমনি নাথ
মৰিগাঁও বন বিভাগৰ চকুৰ সন্মুখতে দীৰ্ঘদিন ধৰি  শিল বালি মাফিয়াই অবৈধ বেহা চলায় থকাৰ সময়তে আজি শিল বালিৰ কলা ব্যৱসায়ীৰ বিৰুদ্ধে হঠাৎ কঠোৰ হৈ পৰে মৰিগাঁৱৰ ধৰমতুল বনবিভাগ । মৰিগাওঁ বনবিভাগে শিল বালিৰ কলা ব্যৱসায়ীৰ লগত গোপন সম্পৰ্ক বৰ্তাই ৰখা বুলি চৰ্চিত হৈ থকাৰ সময়তে আজি ধৰমতুল বন বিভাগে শিল বালিৰ কলা ব্যৱসায়ীৰ বিৰুদ্ধে চলোৱা অভিযানে বিশেষ তাৎপৰ্য্য বহন কৰিছে ।

মৰিগাঁৱৰ ধৰমতুল বনাঞ্চলিক বিষয়াৰ নেতৃত্বত আজি পুৱতি নিশা চলোৱা অভিযান কালত দুখনকৈ শিল ভৰ্তি আৰু তিনি খনকৈ বালিভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পমখেদি ধৰমতুল বনাঞ্চলিক বিষয়াৰ নেতৃত্বত চনোৱাবড়ীত চলোৱা অভিযানত কপিলি নৈ অবৈধভাৱে বালি উঠাই থকা সময়তে AS-21-C-7041 মিনি ট্ৰাক, AS-01C-9621,AS-01JC-4391, দুখন এছট্ৰাক আৰু নাগালেণ্ডৰ পঞ্জীয়নৰ ক্ৰমে NL-01-AB-1013 , NL-01-AB-8520  দহচকীয়া ট্ৰাক দুখনৰ সহ মুঠ পাঁচখন অবৈধ শিল বালি সৰবৰাহ কৰা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে এক অদৃশ্য শক্তিৰ ছত্ৰ ছায়াত আজি দীৰ্ঘদিন ধৰি মৰিগাঁৱত বন ধ্বংস অভিযান চলাই আহিছে এক শক্তিশালী চক্ৰই । বন বিভাগৰ এই অভিযানত ট্ৰাক কেইখন জব্দ হ'ল যদিও অতি ৰহস্য জনকভাৱে পলাই সাৰিবলৈ সক্ষম হয় বন মাফিয়াৰ দলটো । বন বিভাগে চলোৱা এই অভিযান ইমানতে সামৰণি পেলায় নে ইয়াৰ এক সথিক  তদন্ত আৰম্ভ কৰে সেইয়া হ'ব লক্ষণীয় ।
 

Your Comments