মাজুলীত ৭ আসনত প্ৰাৰ্থীৰ মনোনয়ন নাকচ

ে

মাজুলী জিলাত এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাঁও পঞ্চায়ত সভাপতি পদৰ বাবে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰা ৭গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। শুক্ৰবাৰে নিশা পৰ্যন্ত চলা মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়ত আঁসোৱাহ ধৰা পৰাৰ বাবে জিলা পৰিষদ সদস্য পদৰ নামনি মাজুলী সমষ্টিত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল কৰা হয়।

একেদৰে, আঞ্চলিক পঞ্চায়ত সদস্য পদৰ ক্ষেত্ৰত মুঠ ৫গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল কৰে নিৰ্বাচন প্ৰাধিকাৰী বিষয়াই। আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ক্ষেত্ৰত বাতিল হোৱা এই মনোনয়ন পত্ৰসমূহৰ ভিতৰত আছে উজনি মাজুলী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত ফুলনী গাঁও পঞ্চায়তত ২গৰাকী আৰু ৰতনপুৰ মিৰি, লুহিতপৰীয়া আৰু জেংৰাই গাওঁ পঞ্চায়তত এগৰাকীকৈ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ।

আনহাতে, গাঁও পঞ্চায়ত সভাপতি পদৰ ক্ষেত্ৰত কেৱল জেংৰাই গাঁও পঞ্চায়তত এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষণকালত অবৈধ ঘোষণা কৰা হয়। ইপিনে, জিলাখনৰ ২০খন গাঁও পঞ্চায়তৰ অধীনৰ ২০০টা ৱাৰ্ডৰ সদস্য পদৰ বাবে প্ৰাৰ্থীয়ে দাখিল কৰা মুঠ ৩৫খন মনোনয়ন পত্ৰ বাতিল হৈছে। মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত এই ২০০টা ৱাৰ্ডৰ ভিতৰৰে ৫টাত মাথো এজনকৈ প্ৰাৰ্থীৰহে মনোনয়ন পত্ৰ বৈধ বিবেচিত হ'ল।

আনহাতে, ৪টা ৱাৰ্ডৰ ক্ষেত্ৰত এগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ গৃহীত নোহোৱাকৈ থাকে। উল্লেখ্য যে, মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম সময়সীমা হৈছে অহা ১৯ নৱেম্বৰৰ বিয়লি ৩ বজা। মাজুলীত অহা ৫ ডিচেম্বৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্ৰহণ কৰা হ'ব।

Your Comments