অসম লোকসেৱা আয়োগৰ পৰীক্ষাত শেনচোৱাৰ পল্লৱ জ্যোতি নাথৰ সাফল্য 

ৌ

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

অসম লোকসেৱা আয়োগৰ কালি ঘোষিত পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ শেনচোৱাৰ পল্লৱ জ্যোতি নাথে ৩০ তম্ স্থান লাভ কৰি অসম প্ৰশাসনিক সেৱালৈ উতীৰ্ণ হোৱা বাতৰিয়ে শেনচোৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে অঞ্চলৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। আজি বিভিন্ন দল-সংগঠনৰ ব্যক্তিৰ লগতে অঞ্চলৰ ৰাইজে ফুলাম গামোচা আৰু ফুলৰ থোপাৰে পল্লৱ জ্যোতি নাথ উষ্ম অভিনন্দন জনায়।

উল্লেখ্য যে নগাঁও বেবেজীয়া ভোগেশ্বৰ হাজৰিকা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক পংকজ নাথ আৰু জ্যোতি ৰেখা দেৱী একমাত্ৰ পুত্ৰ পল্লৱ জ্যোতি নাথৰ সাফল্যত আনন্দৰ বণ্যা বৈছে । অসম প্ৰশাসনিক সেৱা পাপ্ত পল্লৱ জ্যোতি নাথে সংবাদ মাধ্যমৰ আগত কয় যে সাধনা আৰু আত্মবিশ্বাস থাকিলে ছাত্ৰ-ছাত্ৰীয়ে কৃতকাৰ্যতা লাভ কৰিবই। তেওঁ আৰু কয় যে মাধ্যম অন্তৰায় হ্'ব নোৱাৰে।

Your Comments