চুতীয়া জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত লোকে লোকাৰণ্য গোলাঘাটৰ সমন্বয় ক্ষেত্ৰ  

ে

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

ৰাজ্যত চাৰিওদিশে নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিভিন্ন দল -সংগঠন ৰ লগতে সাধাৰণ ৰাইজে প্ৰতিবাদ কৰি অহাৰ সময়তে চুতীয়া জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী উত্থাপনেৰে লোকে লোকাৰণ্য হ'ল গোলাঘাটৰ সমন্বয় ক্ষেত্ৰ।সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে চুতীয়া জাতি সন্মিলন, চুতীয়া মহিলা সন্মিলন, চুতীয়া যুৱ সন্মিলনৰ সহযোগত অনুষ্ঠিত হোৱা গণসমাবেশত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা  অহা হাজাৰ হাজাৰ লোক একত্ৰিত হৈ একেস্বৰে থিয় দিলে সমন্বয়ৰ থলীত।

ে

আজিৰ এই সমাবেশ স্থলীত নেতৃত্বই বৃহৎ জনগোষ্ঠীটোৰ দাবী কৰি কয় যে, অসমৰ ইতিহাসত চুতীয়া জনগোষ্ঠীৰ  অৱদানক কোনো কাৰণতে নুই কৰিব নোৱাৰে ৷ চুতীয়া জনগোষ্ঠীৰ শেষৰ গৰাকী ৰাণী বীৰাঙ্গনা সতী সাধনীয়ে জাতি ৰক্ষাৰ স্বাৰ্থত  ২০০ গৰাকী নাৰী লৈ গঠিত নাৰী শক্তি বাহিনীয়ে কৰা যুদ্ধৰ ত্যাগক মান্যতা দিয়া,  ব্ৰক্ষ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান চতুৰ্থখন দলঙৰ নাম বীৰাঙ্গনা সতী সাধনী সেঁতু নামেৰে নামাকৰণ কৰাৰ লগতে  জনগোষ্ঠীটোৰ  উত্তৰোত্তৰ তথা নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত জনজাতিকৰণৰ দাবী তুলি আজি এনেদৰে হাজাৰোৰ্ধ লোকে একত্ৰিত হৈ কেন্দ্ৰীয় তথা ৰাজ্য  চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ প্ৰয়াস কৰে।  

অন্যথা সংগ্ৰামৰ ভাষা জনা চুতীয়াসকলে জীৱনপণ কৰি হলেও এই অধিকাৰ আজুৰি লোৱাৰ হুংকাৰ দিয়ে। প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ অমনোযোগিতাক কোনো কাৰণতে সহ্য নকৰাৰ কথা ব্যক্ত কৰাৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে । ইপিনে আজি এই গণসমাবেশত ৰাজ্যৰ প্ৰায় ১৪ টাকৈ জাতি-জনগোষ্ঠীৰ নেতাসকলেওঁ অংশ গ্ৰহণ কৰি সহমত প্ৰকাশ কৰে। পিছত এই বৃহৎ গণসমাবেশটো সমন্বয়ৰথলীৰ পৰা হাতে হাতে প্লেকাৰ্ড লৈ বিশাল ৰেলীৰে চহৰখনত পৰিভ্ৰমণ কৰি জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ দেশৰ প্ৰধান মন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু গৃহ মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

ৌ

আজি এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰা, শীৰ্ষ নেতা ক্ষিৰোদ শইকীয়া, মৰাণ ছাত্ৰ সন্থাৰ হৈ অৰুণজ্যোতি মৰাণ, মটক যুৱ ছাত্ৰ সন্মিলনৰ হৈ ডেভিদ চেতীয়া, অসম অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ হৈ পলাশ চাংমাই, চুতীয়া যুৱ সন্মিলনৰ বিতুপন শইকীয়া, অথিনি চেতীয়া, জ্যোতিপ্ৰসাদ চুতীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ হৈ ডঃ সমুজ্জল ভট্টাচাৰ্য্য, ডিমাছা ছাত্ৰসন্থাৰ প্ৰফুল্ল হাফিলা, অতুল ৰয়, মটক সন্মিলনৰ কাজল গোঁহাই, চুতীয়া ছাত্ৰসন্থাৰ উপদেষ্টা মধুমাধৱ শইকীয়া, অসম  জাতীয়তাবাদী যুৱ পৰিষদৰ উদয়ন গগৈ আদিয়ে অংশ লয়।

Your Comments