বৰদলনিত আছুৰ জোঁৰ সমদল

বৰদলনিত আছুৰ জোঁৰ সমদল

বৰদলনিৰ পৰা ললিত শইকীয়া

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ সমান্তুৰালভাৱে আজি সন্ধিয়া ৫ বজাত ১৫নং ৰাষ্টীয় ঘাইপথৰ ওপৰত ধেমাজি জিলাৰ বৰদলনি আঞ্চলিক ছাত্ৰ সন্থাই এক বৃহৎ প্ৰতিবাদী জোঁৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।

উক্ত কাৰ্যসূচীত ধেমাজি জিলাৰ ক্ৰীড়া সম্পাদক জয়ন্ত শইকীয়া আৰু বৰদলনি আঞ্চলিক আছু সভাপতি/সম্পাদকৰ লগতে সদস্যবৃন্দ উপস্থিত থাকে । প্ৰতিবাদস্থলীৰ পৰাই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবী জনোৱাৰ লগতে বিজেপি গ' বেক, নৰেন্দ্ৰ মোডী হুঁচিয়াৰ আৰু সৰ্বানন্দ সোণোৱাল হায় হায় শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে ।

লগতে জাতি ৰক্ষাৰ কাৰনে ইয়াতকৈও ভয়ঙ্কৰ কাৰ্যসূচী হাতত ল'বলৈও প্ৰস্তুত বুলি প্ৰতিবাদকাৰীসকলে মত প্ৰকাশ কৰে ।

Your Comments