কপাহবাৰীত "বৰষুণৰ দিনত কবিতাৰ আবেলি" 

বৰষুণৰ দিনত কবিতাৰ আবেলি

এক ব্যতিক্ৰমী কাৰ্যসূচীৰে আয়োজন কৰা কবিতাৰ এক বৰ্ণিল অনুষ্ঠানে জীপাল কৰি তুলিলে কপাহবাৰীৰ কৃষি বিকাশ কেন্দ্ৰৰ বাকৰি ৷ 'বৰষুণৰ দিনত কবিতাৰ আবেলি' শীৰ্ষক এই কবিতানুষ্ঠানত গছৰ ছাঁৰ তলত কবিসকল সমবেত হৈ পাঠ কৰে ভিন্ন স্বাদৰ কবিতা ৷ সদৌ অসম কবি সন্মিলনৰ ১৫ তম মধ্যকালীন নীলবাগান অধিৱেশনৰ আদৰণি সমিতি আৰু হোজাইৰ প্ৰতিষ্ঠিত সামাজিক সংস্থা মৰ্কজুল মাৰিফৰ দ্বাৰা পৰিচালিত কপাহবাৰী এআৰটিডিচিৰ সৌজন্যত এই অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ কাব্যনুষ্ঠানটিৰ সঞ্চালনা কৰে হোজাই জিলা কবি সন্মিলনৰ সভাপতি ডঃ হাচিনুছ চুলতানে ৷ মধ্যকালীন নীলবাগান অধিবেশনৰ আদৰণি সমিতিৰ সম্পাদক জমিৰউদ্দিন তালুকদাৰে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত আদৰণি পৰ্ব পৰিচালনা কৰে হোজাই জিলা কবি সন্মিলনৰ সম্পাদক তপন কুমাৰ নগঞাই ৷ কপাহবাৰী আই টি আইৰ অধ্যক্ষ মুশ্বাৰফ হুছেইনে আদৰণি ভাষণ আগবঢ়োৱা সভাখনত প্ৰতিগৰাকী কবি আৰু আমন্ত্ৰিত অতিথিক এজোপা বকুল, কৃষ্ণচূড়া আৰু ৰাধাচূড়াৰ গছ পুলিৰে সন্মান জনোৱা হয় ৷ পৃথিৱীখনক সেউজ কৰাৰ লক্ষ্যৰে কবিসকলক এনেদৰে বৃক্ষৰে সন্মান যঁচা হয় ৷ সভাখনত প্ৰায় ৪০ গৰাকী কবিৰ স্বৰচিত কবিতা পাঠেৰে কবিতাৰ অনুষ্ঠানটোক জীপাল কৰি তোলে ৷ কবিতাৰ অনুষ্ঠানটিত কবিতা পাঠ কৰে তুলিকা দেৱী, মদাৰজ্যোতি, হেমন্ত চুতীয়া, ডঃ হাছিনুচ চুলতান, তপন কুমাৰ নগঞা, কংকনা বাদেৰবাইগা, ৰফিক উদ্দিন, জমিৰউদ্দিন তালুকদাৰ, পাৰভেজ আলম, ৰূপা বৰা দাস, দিলোৱাৰ হুছেইন, অমল কলিতা, জুনু বৰা, দেৱানন্দ মৰাং, চৌধুৰী হাম্মাদ শিৱপুৰী, আইনুল হক চৌধুৰী, মিছবাহ উদ্দিন, নুৰুদ্দিন আহমেদ, মোজাম্মিল আলী, পুষ্প বৰা, জাবেদ আলম, ৰুহুল আমিন, আলহাজ মোস্তাফা আহমেদ, জামাল আহমেদ বৰভূঞা, হৰিচৰণ পেগুৱে ৷ অনুষ্ঠানত কবি প্ৰভাত কলিতাৰ এটি অনুবাদ কবিতা পাঠ কৰে ডঃ হাছিনুচ চুলতানে ৷ অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ দুগৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষক ক্ৰমে মদাৰজ্যোতি আৰু হেমন্ত চুতীয়া উপস্থিত থাকে ৷ অনুষ্ঠানত পাঠ কৰা কবিতাৰ ওপৰত পৰ্যালোচনা আগবঢ়ায় সঞ্চালক ডঃ হাছিনুচ চুলতানে ৷ সভাত মৰ্কজুল মাৰিফৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰে আগন্তুক সদৌ অসম কবি সন্মিলনৰ মধ্যকালীন নীলবাগান অধিবেশনখন সফল কৰাৰ ক্ষেত্ৰত সম্ভৱ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ কবিসকলে এআৰটিডিচিৰ বাকৰি কবিতা পাঠৰ বাবে বাচনি কৰাত তেখেতে হোজাই জিলা কবি সন্মিলন, মধ্যকালীন নীলবাগান অধিৱেশনৰ আদৰণি সমিতিৰ মুখ্য সম্পাদক ৰাজীৱ হুছেইনৰ শলাগ লয় ৷ সভাত মৰ্কজুল মাৰিফৰ কাৰ্যকৰী সভাপতি শ্বামচুল হক চৌধুৰী উপস্থিত থাকি কবিসকলক উৎসাহিত কৰে ৷ সভাত এআৰটিডিচিৰ অধ্যক্ষ মুশ্বাৰফ হুছেইনে শলাগৰ শৰাই আগবঢ়ায় ৷ 

Your Comments