আসন্ন পঞ্চায়ত নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা কৰাৰ লগে লগে মুখ্যমন্ত্ৰীৰ নিজা সমষ্টি মাজুলীত বিভিন্ন ৰাজনৈতিক দলবোৰে নিৰ্বাচনী তৎপৰতা গ্ৰহণ কৰিছে । শাসকীয় বিজেপি, কংগ্ৰেছ, অগপ আৰু গণশক্তি আদি বিভিন্ন ৰাজনৈতিক দলবোৰে নিজৰ নিজৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে সভা-সমিতি অনুষ্ঠিত কৰি প্ৰাৰ্থীত্বৰ সন্ধানত নামিছে । মাজুলী জিলাত মুঠ ২০খন গাওঁ পঞ্চায়তৰ বিপৰীতে দুখন উন্নয়ন খণ্ড ক্ৰমে মাজুলী খণ্ড আৰু উজনি মাজুলী উন্নয়ন খণ্ড আছে ।
মাজুলী উন্নয়ন খণ্ডত ১২খন গাওঁ পঞ্চায়ত ক্ৰমে আহঁতগুৰি, দক্ষিণ আহঁতগুৰি, কৰতিপাৰ, শ্ৰীলোহিত, চিলাকলা, গড়মূৰ, পকাজৰা, কমলাবাৰী, দক্ষিণ কমলাবাৰী, দক্ষিণপাট, বনগাওঁ, ৰাৱনাপাৰ গাওঁ পঞ্চায়ত আৰু উজনি মাজুলী উন্নয়ন খণ্ডত জেংৰাই, ফুলনি, ৰঙাচাহী, শ্ৰীৰাম, ৰতনপুৰ গায়ন, লোহিত পৰীয়া, ৰতনপুৰ মিৰি, চেৰপাই আদি আঠখন গাওঁ পঞ্চায়ত আছে ।
এই বিশখন গাওঁ পঞ্চায়তৰ বিপৰীতে চাৰিখন জিলা পৰিষদ সমষ্টি আছে । শাসকীয় বিজেপিক প্ৰত্যাহ্বান জনাব পৰাকৈ বিৰোধী দল কংগ্ৰেছ দলে শক্তিশালী প্ৰাৰ্থী অনুসন্ধান কৰি ইতিমধ্যে উজনি মাজুলীৰ ৰতনপুৰ মিৰি, চেৰপাই, জেংৰাই, ফুলনি, ৰঙাচাহী আদি বিভিন্ন গাওঁ পঞ্চায়তত সদস্য বাচনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
ইফালে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ মিত্ৰ দল অগপ দলে অকলে নিৰ্বাচনত খেলাৰ বাবে অগপ মাজুলী জিলা সমিতিয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰাৰ ফলত দল দুয়োটাৰ মাজত দূৰত্ব বৃদ্ধি পোৱা দেখা গৈছে । ফলত তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে শ'লঠেকত পৰিছে । শাসকীয় বিজেপি দলে ক্ষুদ্ৰ দল সন্মিলিত গণশক্তি, অসম দলৰ লগত মিত্ৰতা কৰাটো এক প্ৰকাৰ নিশ্চিত হৈছে ।
বিশ্বখন গাওঁ পঞ্চায়তত প্ৰতিদণ্ডিতা কৰিব লগা সভাপতি, আঞ্চলিক সদস্য, জিলা পৰিষদ সদস্য আৰু ৱাৰ্ড সদস্যৰ আসন বুজাবুজি সন্দৰ্ভত উভয় দলৰ প্ৰতিনিধি তথা নেতা কৰ্মীৰ মাজত শীঘ্ৰে আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে । বিজেপি দলেও বিভিন্ন গাঁও তথা পঞ্চায়ত পৰ্যায়ত আলোচনা প্ৰক্ৰিয়া জোৰদাৰ হৈছে ।
গণশক্তিয়ে বিজেপিৰ লগত মিত্ৰতা নিশ্চিত হৈছে যদিও দলটোৱে ইতিমধ্যে ৰতনপুৰ মিৰি, চেৰপাই, জেংৰাই আদি গাওঁ পঞ্চায়তত সভাপতি, আঞ্চলিক সদস্য আৰু ৱাৰ্ড সদস্যৰ প্ৰাৰ্থীৰ নাম বাচনি সম্পূৰ্ণ কৰাৰ কথা জানিব পৰা গৈছে ।
- Log in to post comments
- 24 views