ৰহা সমবায় সমিতিত চলিছে ব্যাপক দুৰ্নীতি

s

সুলভ মূল্যৰ চাউলৰ নামত সমবায় সমিতিৰ সভাপতি সম্পাদকে চলাইছে ব্যাপক লুন্ঠন ৷এই অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰহা আঞ্চলিকৰ ৷ অভিযোগ মতে ৰহা সমবায় সমিতিয়ে প্ৰতিজন গ্ৰাহকে পাবলগীয়া ৫ কেজি চাউলৰ পৰিবৰ্তে চাৰে চাৰি কেজি চাউল দিয়ে ৷ সমবায়খনত আছে প্ৰায় ১৬হাজাৰ গ্ৰাহক ৷

ফলত প্ৰতি মাহে সমবায় সমিতিখনে প্ৰায় ৮২ কুইন্টল চাউল প্ৰতিমাহে হৰলুকি কৰি আহিছে ৷ ফলত জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকল আৰু এই সম্পৰ্কত নগাঁও জিলা যোগান বিভাগক অভিযোগ দিয়ে ৷ এই অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে নগাঁও জিলা যোগান পৰিদৰ্শকে বিষয়টো তদন্ত আৰম্ভ কৰে আৰু অভিযোগ সত্য প্ৰমানিত হয় আৰু এনেদৰেই সমবায় সমিতিখনে প্ৰায় বছৰ ধৰি গ্ৰাহকক ঠগি আহিছে ৷

পিছত যোগান পৰিদৰ্শকে ভৱিষ্যতে এনে দুৰ্নীতি নহ’ব আৰু গ্ৰাহকৰ প্ৰাপ্য চাউল সম্পূৰ্ণ পাব বুলি প্ৰতিশ্ৰুতি দিয়াৰ লগতে এই দুৰ্নীতিৰ সম্পৰ্কত তদন্ত কৰা হ’ব বুলি আশ্বাস দিয়ে ৷

Your Comments