হোজাই জিলা অগপৰ দুগৰাকী সভাপতি ! নেতৃত্বকেন্দ্ৰিক সংঘাতৰ উকমুকনি

হোজাই জিলা অগপৰ দুগৰাকী সভাপতি ! নেতৃত্বকেন্দ্ৰিক সংঘাতৰ উকমুকনি

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ

পঞ্চায়ত নিৰ্বাচনৰ দিন-বাৰ ঘোষণা হোৱাৰ পিচত ৰাজ্যজুৰি ৰাজনৈতিক দলবোৰে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হোজাই জিলাতো বলিছে নিৰ্বাচনী বতাহ ৷ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৷ হোজাই জিলাত দ্বিতীয় পৰ্যায় অৰ্থাৎ ৯ ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

হোজাই জিলাত শাসকীয় বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছ দলে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে ৷ কংগ্ৰেছৰ অসমৰ তত্ত্বাৱধায়ক, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৰীশ ৰাৱটে হোজাই জিলাত উপস্থিত হৈ দলীয় কৰ্মীৰ সৈতে মত-বিনিময় অনুষ্ঠিত কৰাৰ লগতে এক কৰ্মী সভাতো অংশ লয় ৷

হোজাই জিলা অগপৰ দুগৰাকী সভাপতি ! নেতৃত্বকেন্দ্ৰিক সংঘাতৰ উকমুকনি

একেদৰে বিজেপি দলে জিলাখনত সঘনাই সভা-সমিতি অনুষ্ঠিত কৰি দলীয় কৰ্মীক উৎসাহিত কৰি আহিছে ৷ অলপতে দলৰ সভাপতি ৰঞ্জিত দাসে নীলবাগানৰ এখন সভাত অংশ লৈ নিৰ্বাচনী ৰণশিঙা বজায় ৷

পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ দুদিন পূৰ্বে বদৰুদ্দিন আজমলৰ দল এ আই ইউ ডি এফে হোজাইত এখন কৰ্মী সভা অনুষ্ঠিত কৰি পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি চলায় ৷

তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গৈছে শাসকীয় বিজেপি চৰকাৰৰ মিত্ৰ দল অসম গণ পৰিষদ দলৰ অভ্যন্তৰত ৷ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত হোজাইত অগপ দল এক প্ৰকাৰ নিষ্প্ৰভ ৷

দলটোৰ হোজাই জিলা সমিতিৰ সভাপতি ৰেজাউল কৰিম চৌধুৰী সুদীৰ্ঘ সময় জিলাখনত অনুপস্থিত থকাত আৰু সাংগঠনিক কাম-কাজত নথকাত তেওঁৰ স্থানত জিলা সমিতিৰ উপ-সভাপতি তথা দলটোৰ নিষ্ঠাৱান কৰ্মী ছাদিকুল্লা ভূঞাক কেন্দ্ৰীয় নেতৃত্বই এক নিৰ্দেশযোগে হোজাই জিলা অগপৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়ে ৷

সেইমতে ছাদিকুল্লা ভূঞাই হোজাই জিলাত অসম গণ পৰিষদ দলৰ কাম-কাজ চলাই আহিছে ৷ কিন্তু হঠাৎ হোজাই জিলা অগপত পট পৰিৱৰ্তন ঘটা দেখা গ'ল ৷ এক খবৰ মতে, (সামাজিক মাধ্যমত প্ৰচাৰিত খবৰ) পুনৰ হোজাই জিলা অগপৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে ৰেজাউল কৰিম চৌধুৰীক ৷

হোজাই জিলা অগপৰ দুগৰাকী সভাপতি ! নেতৃত্বকেন্দ্ৰিক সংঘাতৰ উকমুকনি

কিন্তু এই সম্পৰ্কে সম্পূৰ্ণৰূপে অজ্ঞ অগপৰ বৰ্তমানৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ছাদিকুল্লা ভূঞা ৷ ভূঞাই টেলিফোনত এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে, তেওঁ এতিয়ালৈকে হোজাই জিলা অগপৰ সভাপতি ৷ তেওঁক কেন্দ্ৰীয় সমিতিয়ে জিলা সমিতিৰ সভাপতিৰ পৰা অব্যাহতি দি কোনো পত্ৰ দিয়া নাই ৷

এনে অৱস্থাত ছাদিকুল্লা ভূঞাই হোজাই জিলা অগপৰ সভাপতি বুলি দাবী কৰাৰ সমান্তৰালভাৱে ৰেজাউল কৰিম চৌধুৰীয়েও নিজকে জিলা অগপৰ সভাপতি বুলি দাবী কৰিছে ৷ এনে অৱস্থাত দলটোৰ অভ্যন্তৰত নেতৃত্বকেন্দ্ৰিক বিসম্বাদ নিশ্চিত ৷ একেলগে দুগৰাকী ব্যক্তিয়ে একে সময়তে হোজাই জিলা অগপৰ সভাপতি বুলি দাবী কৰাত স্বাভাৱিকতে দলীয় কৰ্মীও বিমোৰত পৰিছে ৷

লক্ষণীয়ভাৱে কালীপূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে হোজাই জিলাত দুগৰাকী ব্যক্তিয়ে সামাজিক মাধ্যম ফেচবুকত শুভেচ্ছা জনাই পোষ্ট দিছে ৷ এনে অৱস্থাত প্ৰশ্ন হয়, হোজাই জিলা অগপৰ সভাপতি কোন ? ৰেজাউল কৰিম চৌধুৰী নে ছাদিকুল্লা ভূঞা ৷ এই লৈ সৰ্বত্ৰে চৰ্চা চলি থকাৰ সময়ত হোজাই জিলা অগপত নতুনকৈ বিসম্বাদৰ সূত্ৰপাত হৈছে ৷

Your Comments