গ্ৰামাঞ্চলত স্বাস্থ্য সজাগতা বৃদ্ধি তথা গ্ৰামাঞ্চলৰ চিকিৎসাৰ মান উন্নত, সুলভ চিকিৎসা প্ৰদানৰ উদ্দেশ্যে গঠন হোৱা জি এন আৰ চিৰ স্বাস্থ্যমিত্ৰ প্ৰকল্পৰ এখন সভা আজি তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ কাৰ্যালয়ত অনুস্থিত হয় ।
উক্ত সভাত জি এন আৰ চিৰ চি ই অ' তথা অসমৰ প্ৰখ্যাত চিকিৎসক ডাঃ নোমল চন্দ্ৰ বৰা উপস্থিত থাকি তামুলপুৰৰ বিভিন্ন গাঁৱত থকা স্বাস্থ্য মিত্ৰসকলৰ লগত বাৰ্তালাপ কৰি এই অঞ্চলৰ ৰাইজে যাতে জি এন আৰ চিয়ে আগবঢ়োৱা সকলো সা-সুবিধা এই অঞ্চলৰ ৰাইজে লাভ কৰে তাৰবাবে সকলো স্বাস্থ্য মিত্ৰকে সজাগ হৈ থকিবলৈ কয় । উক্ত সভাত স্বাস্থ্য মিত্ৰ প্ৰকল্পৰ তামুলপুৰ খণ্ড উন্নয়ন বিষয়া মুনিন্দ্ৰ ডেকাৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
- Log in to post comments
- 12 views