মাটিৰ চাকি জলাই স্মৰণ কৰিলে সুধাকণ্ঠক

ে


কলিয়াবৰ পৰা প্ৰদীপ লস্কৰ

কলিয়াবৰত সাহিত্য-সাংস্কৃতিক অনুষ্ঠান উন্মীলন এখন নতুন পৃথিৱীলৈয়ে কুঁৱৰীটোলস্থ ডঃ ভবেন্দ্ৰ নাথ শইকীয়া পুথিভঁড়ালত চৌপাশ মাটি চাকিৰে উজলাই তোলি সুধাকন্ঠক আজি স্মৰণ কৰে । লগতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ আলোক চিত্ৰত বন্তি প্ৰজ্জ্বলন আৰু মাল্য প্ৰদান কৰি "মানুহে মানুহৰ বাবে..." শীৰ্ষক গীত পৰিৱেশন কৰে ৷  ইফালে আগন্তুক দীপাৱলী প্ৰদূষণ মুক্ত কৰি  'পোহৰৰ উৎসৱ পোহৰৰ হৈ থাকক' ৰাইজলৈ এই আহ্বান জনাই 'উন্মীলনীৰ সদস্যসকলে । তেওঁলোকে দীপাৱলীৰ লগত সঙ্গতি ৰাখি এক আল্পনাও সাজি উলিয়ায় ৷ অনুষ্ঠানটোত উপস্থিত থাকে 
ডঃ ভবেন্দ্ৰ নাথ শইকীয়া পুথিভঁড়ালৰ সচিব প্ৰদীপ বৰুৱাই । 

Your Comments