মাজুলী মিলন সংঘ কমলাবাৰীত আজি আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অংশ গ্ৰহণ কৰি মাজুলীৰ ২৫০ টা থলুৱা ভূমিহীন পৰিয়ালক ভূমিপট্টা প্ৰদান কৰে ৷
একেটা অনুষ্ঠানতে মাজুলী জিলাত গড়কাপ্তানী বিভাগে অনুমোদন জনোৱা ২০টা পথ আৰু ১১খন পকী দলং নিৰ্মাণৰ মুঠ ১৬৮.৩৯ কোটি টকীয়া আঁচনিৰ ৰূপায়ণ কাৰ্যও আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী শুভাৰম্ভ কৰিলে এই পথ-দলং নিৰ্মাণ আঁচনিৰ ভিতৰত আছে : (১) ৰাজ্যৰ নিজা অগ্ৰাধিকাৰৰ উন্নয়ন আঁচনি ২০১৮-১৯ ৰ অধীনৰ ২০টা পথৰ নিৰ্মাণ কাৰ্য, অনুমোদিত মুঠ পুঁজি ১১০.২৪ কোটি টকা, (২) মহাবীৰ লাচিত-চিলাৰায় সেতু নিৰ্মাণ আঁচনি ২০১৮-১৯ৰ অধীনৰ ৮খন পকী দলঙৰ নিৰ্মাণ কাৰ্য, অনুমোদিত মুঠ পুঁজি ৪৬.২৯ কোটি টকা, (৩) ৰাজ্যৰ ১০০০খন কাঠৰ দলং পকী দলঙলৈ উন্নীতকৰণ আঁচনিৰ অধীনৰ ৩খন পকী দলং নিৰ্মাণ, অনুমোদিত মুঠ ব্যয় ১১.৮৬ কোটি টকা । বিধায়ক উন্নয়ন ।পুঁজিৰ সুহৃদ আঁচনিৰ অধীনত চলিত বৰ্ষত বাচনি কৰা ৬২১গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ১১গৰাকী ৰোগীলৈ আৰ্থিক সাহাৰ্যৰ চেক বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰে ।
মুঠ সাহাৰ্য ৰাশি ৩২.৫০ লাখ টকা।ৰাজ্য চৰকাৰৰ শিথিল পুঁজিৰ পৰা চলিত বৰ্ষত মাজুলীৰ ২১১টা কলা-কৃষ্টি কেন্দ্ৰলৈ মুঠ ২.৯৫ কোটি টকাৰ অনুদান বিতৰণৰ প্ৰক্ৰিয়াও আজিৰ অনুষ্ঠানতে মুকলি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰে ১০টা কলা-কৃষ্টি কেন্দ্ৰক ৭০ হাজাৰ টকাকৈ প্ৰথম কিস্তিৰ অনুদানৰ চেক প্ৰদান কৰে ৷
- Log in to post comments
- 16 views