ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত কমাৰগাঁও গাঁও পঞ্চায়তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ ৷ পঞ্চায়তটোৰ বিভিন্ন আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰহা আঞ্চলিক সমিতিয়ে গাঁও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন ধৰ্ণা-শ্লোগানেৰে সমদল কৰি কমাৰগাঁও গাঁও পঞ্চায়তৰ কাৰ্যালয়লৈ আহে আৰু কাৰ্যালয়ৰ সন্মুখত জব কাৰ্ডৰ লগতে পথ নিৰ্মাণ, আৱাস গৃহৰ নামতো ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ তোলে কৃষক মুক্তিয়ে ৷
আনকি এমজি এনৰেগা আঁচনিৰ কাম জব কাৰ্ড শ্ৰমিকৰ দ্বাৰা নকৰাই সম্পূৰ্ণ ঠিকাভিত্তিত চলোৱা বুলি অভিযোগ উঠিছে ৷ ইপিনে পঞ্চায়তটোৰ জি আৰ এছজনেও সাধাৰণ লোকক জব কাৰ্ড, আৱাস গৃহ দিয়াৰ প্ৰলোভনেৰে হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷
এনে দুৰ্নীতিৰ বিৰুদ্ধে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলি বুধবাৰে কৃষক মুক্তিয়ে পঞ্চায়ত ঘেৰাও কৰি অৱস্থান কৰাৰ লগতে ধৰ্ণা-শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে এনে দুৰ্নীতিত নিমজ্জিত কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনায় ৷
- Log in to post comments
- 26 views