চেঙাৰ পৰা সুৰজিৎ পাঠক
নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দৌলাশালৰ শংকৰদেৱ শিশু নিকেতনৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনখন দিনজোৰা কাৰ্যসূচীৰে মঙলবাৰে অনুষ্ঠিত হৈ যায় । পুৱা নিকেতনৰ প্ৰধান আচাৰ্য অৱনী নাথে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।
বন্তি প্ৰজ্বলন, ছহিদ তৰ্পণ, মাল্যাৰ্পণ আৰু বৃক্ষৰোপণৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হয় । আবেলি ২ বজাত নিকেতন পৰিচালনা সমিতিৰ সভাপতি অকণ চন্দ্ৰ চৌধুৰীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ।
নিকেতন পৰিচালনা সমিতিৰ সম্পাদক বিজয় নাথে আঁতধৰা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি শিশু শিক্ষা সমিতি, অসমৰ লক্ষ্য-উদ্দেশ্যৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উপযোগী হোৱাকৈ মূল্যৱান ভাষণ আগবঢ়ায় জাগাৰা সংকুল প্ৰমুখ মনোজ গোস্বামীয়ে ।
মুকলি সভাত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে গীত নৃত্য পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে ।মুকলি সভাত অৱসৰী প্ৰধান শিক্ষক গৰ্গনাৰায়ণ বৰ্মন , দৌলাশাল হাইস্কুলৰ প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতা, উত্তৰ ৰৌমাৰী পাথাৰ আঞ্চলিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জেহেৰুল ইছলামকে ধৰি কেইবাগৰাকী বিশিষ্ট লোক আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ।
বিভিন্ন প্ৰতিযোগিতাত শ্ৰেষ্ঠ্ত্ব প্ৰদৰ্শন আগবঢ়োৱা ছাত্ৰ-ছাত্ৰীসকলক মুকলি সভাতে বঁটাসমূহ বিতৰণ কৰা হয় ।
- Log in to post comments
- 12 views