কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ক ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰাই পঠিওৱাত  ১১ দিনে ব্যৰ্থ বন বিভাগ

কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ক ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰাই পঠিওৱাত  ১১ দিনে ব্যৰ্থ বন বিভাগ

মাজুলী ৰাজীৱ পাতিৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ২১ অক্টোবৰত ওলাই আহি যোৱা ১১ দিনে ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰিসমূহত অসুৰক্ষিতভাৱে মুক্ত বিচৰণ কৰি আছে । অসম গৌৰৱ এশিঙীয়া গঁড় দুটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰাই পঠিওৱাত চূড়ান্ত ব্যৰ্থ হৈছে বন বিভাগ । গঁড় দুটা ২৫ অক্টোবৰলৈকে একেলগে গোলাঘাট জিলাৰ বিভিন্ন চাপৰি ক্ৰমে ভক্তে, শিয়াল, লহৰে চাপৰি, মাজুলী জিলাৰ কাঠ চাপৰি, অযোধ্যা, কংস চাপৰি আদি ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰিসমূহত মুক্ত বিচৰণ কৰি আছিল ।

২৬ অক্টোবৰৰ ৰাতি লখিমপুৰৰ ধনু চাপৰি, নাৰায়ণপুৰ আদি বনাঞ্চল আৰু জনাঞ্চলত প্ৰৱেশ কৰি ৰাইজে স্বচক্ষে গঁড় চাবলৈ হৈ-হাল্লা কৰাত দিগবিদিগ হেৰুৱাই গঁড় দুটাৰ এটা লখিমপুৰৰ জামুগুৰিলৈ আৰু আনটো মাজুলী জিলাৰ দক্ষিণ মাজুলী আৰক্ষী থানাৰ অন্তৰ্গত জলজলীয়া চাপৰিত তিনি দিন ধৰি অৱস্থান কৰি আছে বুলি মাজুলী বন বিভাগে সদৰী কৰিছে ।

কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ক ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰাই পঠিওৱাত  ১১ দিনে ব্যৰ্থ বন বিভাগ

গঁড় দুটাই ৰাতি এটাৰ পৰা আনটো চাপৰিলৈ সঘনাই স্থান সলনি কৰি থকাৰ লগতে চাপৰিসমূহৰ সংযোগী পথসমূহ দুৰ্গম হোৱাত গঁড় দুটাক নিৰীক্ষণ কৰাত ভীষণ সমস্যা হোৱাৰ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰাই খেদি পঠিওৱাটো জটিল হৈ পৰিছে বুলি বন কর্মীসকলে জানিবলৈ দিছে ।

উল্লেখযোগ্য যে বৰ্তমান গঁড় দুটাই অৱস্থান কৰি থকা চাপৰিকেইটাৰ আশেপাশে থকা কেৰকেৰ চাপৰি, কাঠচাপৰি, লহৰে চাপৰিত আদিত বিগত সময়ত কেবাটাও চোৰাং চিকাৰীয়ে গঁড় নিধন কৰিছিল । এই গঁড়জনীৰ মৃত্যুৰ কেইদিনমানৰ পিছতে আকৌ গোলাঘাট জিলা আৰু মাজুলী জিলাৰ মধ্যস্থল লহৰে আৰু কাঠ চাপৰিৰ মাজত আন এজনী মাইকী গঁড় চোৰাং চিকাৰীয়ে নিচেই ওচৰৰ পৰা গুলী কৰি হত্যা কৰি খড়্গ কাটি নি উধাও হৈছিল ।

চোৰাং চিকাৰীৰ ৰম্যভূমি স্বৰূপ এলেকাত দুটাকৈ গঁড়ে মুক্ত বিচৰণ কৰি থকা বিষয়টোক সহজভাবে ল'ব পৰা নাই প্ৰকৃতিপ্ৰেমীৰ লগতে সাধাৰণ ৰাইজে । দুৰ্গম পথ আৰু ঘন জংঘলৰ সুযোগ লৈ চোৰাং চিকাৰীয়ে যিকোনো মুহূৰ্তত গঁড় দুটাক নিধন কৰিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে । মাজুলী বন বিভাগ, কাজিৰঙা ৱাইল্ড লাইফ আৰু আৰক্ষীয়ে যৌথভাৱে গঁড় দুটাক দিনে-নিশাই নিৰীক্ষণ কৰাৰ সমান্তৰালকৈ পহৰা দিয়া বুলি জানিব পৰা গৈছে ।

বন বিভাগে সদৰী কৰামতে, চোৰাং চিকাৰীৰ সক্ৰিয়তাৰ তথ্য লাভ কৰিছে । চোৰাং চিকাৰীয়ে নিধন কৰিব নোৱাৰাকৈ বন বিভাগে যৌথভাৱে গঁড় দুটাৰ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা বুলিও জানিব পৰা গৈছে ।

যিকোনো মূল্যৰ বিনিময়ত শীঘ্ৰে গঁড় দুটাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰাই পঠাবলৈ বন বিভাগক দাবী জনাইছে ৰাইজে ।

Your Comments