বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম
ধুবুৰী জিলাৰ বিলাসীপাৰা নায়েৰ আলগাত আজব কাণ্ড। বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনস্হ কাইজাৰ চৰ এল পি স্কুলৰ একত্রিকৰণ হোৱাৰ কথা নাজানে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কদম আলীয়ে। তেওঁ কোৱা মতে, তেওঁৰ অজ্ঞাতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্রী আছমিনা খাতুনে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিচেই ওচৰত থকা দৈখোৱাপাৰা এল পি স্কুলৰ লগত একত্রিকৰণ নকৰি প্ৰায় তিনি কিলোমিটাৰ দূৰত্বত থকা নায়েৰ আলগা ২য় খণ্ড চুনাৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ লগত একত্রিকৰণ কৰিছে ৷
এই কথা বিদ্যালয় পৰিচালনা সমিতিৰ লগতে স্হানীয় ৰাইজে নাজানে আৰু পৰিচালনা সমিতি তথা স্হানীয় ৰাইজক নজনা কৈ বিদ্যালয় গৃহটো ভাঙি লৈ গৈছে । এই ক্ষেত্ৰত কাইজাৰ চৰ এল পি স্কুলৰ প্ৰধান শিক্ষয়িত্রী আছমিনা খাতুনক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিদ্যালয় একত্রিকৰণ তেওঁ নিজেই নাজানে যিখন বিদ্যালয়ৰ লগত একত্রিকৰণ হৈছে সেইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক হুছাইন আলী সেখে বিদ্যালয় একত্রিকৰণ সম্পৰ্কে একো নাজানে বুলি কৈছে।
শিক্ষক-শিক্ষয়ত্রী দ্বয়ে নজনাকৈ দুয়োখন বিদ্যালয় কেনেকৈ একত্রিকৰণ হ'ল এয়া লাখটকিয়া প্ৰশ্ন ? ইফালে চৰকাৰী আইন অনুসৰি ২০০৬ৰ আগত বিদ্যালয়ৰ নামত মাটিৰ নামজাৰি থাকিব লাগে। কিন্তু ২০০৮ ত বিদ্যালয়ৰ মাটিৰ সন্মতি লাভ কৰে যদিও কেনেকৈ বিদ্যালয় খনৰ প্ৰাদেশীকৰণ হ'ল। ইয়াত ভংয়কৰ জালিয়াতি হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
বিদ্যালয়খনৰ আন এগৰাকী সহ: শিক্ষয়িত্রী ছাবিনা ইয়াছমিনে দীৰ্ঘ দিন বিদ্যালয়ত অনুপস্থিত থকাত ছাত্ৰ-ছাত্ৰীৰ পাঠদানত অসুবিধা সন্মুখীন হোৱাত স্হানীয় ৰাইজে তেওঁৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল। ভাৰতীয় আইন দণ্ড বিধি মতে তেওঁ দোষী সাব্যস্ত হয় যদিও তেওঁ উচ্চ ন্যায়ালয়ক অবমাননা কৰি বিভাগীয় কৰ্তৃপক্ষক মেনেজ কৰি বিদ্যালয়খনত যোগদান কৰা নাছিল।
- Log in to post comments
- 10 views