ফুলনিত প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনাৰ শুভাৰম্ভ : ধোদাঙত ৰাইজৰ প্ৰতিবাদ

a

 দেশৰ দৰিদ্ৰ তথা অনগ্ৰসৰ জনসাধাৰণক চিকিৎসাৰ ক্ষেত্ৰত আৰ্থিক সকাহ দিবলৈ ভাৰত চৰকাৰে প্ৰণয়ন কৰা অভিলাষী স্বাস্থ্য সেৱা আঁচনি "আয়ুষ্মান ভাৰত প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা" মঙলবাৰে মাজুলীৰ ফুলনি স্বাস্থ্য কল্যাণ কেন্দ্ৰত ফিটা কাটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মাজুলী মহকুমা স্বাস্থ্য চিকিৎসা বিষয়া ডাঃ বিমল পেগুৱে ।

গড়মূৰ পীতাম্বৰদেৱ গোস্বামী অসামৰিক চিকিৎসালয়ৰ  অধীক্ষক ডাঃ মাণিক মিলি, সামূহিক স্বাস্থ্য বিষয়া হিমাংশু দাস এই অনুষ্ঠানত উপস্থিত    থাকে ৷  ইয়াৰ পিছত ৯০ গৰাকী লোকক স্বাস্থ্য পৰীক্ষা কৰা হয়। শ্ৰীৰাম চাপৰি স্বাস্থ্য কল্যাণ কেন্দ্ৰতো আয়ুষ্মান ভাৰত প্ৰধান মন্ত্ৰী  জন আৰোগ্য যোজনা মুকলি কৰা হয় ।

ইপিনে মাজুলীৰ মূল ভূখণ্ডৰ পৰা ভৌগোলিকভাৱে বিছিন্ন ধোদাং স্বাস্থ্য কল্যাণ কেন্দ্ৰতো এই আচঁনি আজি মুকলি কৰিবলৈ লওঁতে বহু লাখ ধনৰ ব্যয়েৰে ধোদাং চিকিৎসালয় নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো যোৱা কেইবা বছৰ ধৰি মুকলি নকৰাৰ পৰিপ্ৰেক্ষিতত আয়ুষ্মান ভাৰত প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা প্ৰসহনৰ অভিযোগ তুলি বাধা প্ৰদান কৰে । বাধা প্ৰদান কৰাই নহয়,  ধোদাং অঞ্চলৰ শতাধিক লোক ওলাই আহি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে ।

উল্লেখ্য যে ২০১১ চনৰ আৰ্থ-সামাজিক শ্ৰেণী জনগণনাৰ আধাৰত মাজুলী জিলাৰ ১৪,৯৪৭ টা দুখীয়া পৰিয়ালক ভাৰত চৰকাৰৰ এই অভিলাষী স্বাস্থ্য সেৱা আঁচনিখনৰ হিতাধিকাৰী হিচাপে সামৰি লোৱা হৈছে।
 

Your Comments