গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
অসম তথা অসমবাসী বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-সাহিত্য-সংস্কৃতি আৰু অস্তিত্ব সংকটাপন্ন কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আজি নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ গোলাঘাট জিলা পৰিষদে গোলাঘাট নগৰৰ মাজেদি এক প্ৰতিবাদী সমদল বাহিৰ কৰি উপায়ুক্ত কাৰ্যালয়ৰ সমুখত বিক্ষোভ প্ৰদৰ্শন কৰে ।
প্ৰতিবাদস্থলীত উপস্থিত থাকি এ আই এছ এফৰ ৰাজ্যিক সভাপতি মানস বৰা আৰু প্ৰাক্তন ৰাজ্যিক সম্পাদক প্ৰফুল্ল শইকীয়াই কয় যে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে বিধেয়কখনৰ বিৰোধিতাৰে ধাৰাবাহিক আন্দোলন কৰি থকাৰ পাছতো "জাতীয় নায়ক" নেতৃত্বাধীন ৰাজ্যিক বিজেপি দলৰ কাৰ্যনিৰ্বাহকে বিধেয়কখনৰ পক্ষ লোৱা কাৰ্যই এই চৰকাৰে ভোট বেংকৰ স্বাৰ্থত অসমৰ অস্তিত্বকো যে জলাঞ্জলি দিবলৈ কুণ্ঠাবোধ নকৰে এই কথা স্পষ্ট কৰি দিছে ।
বিধেয়কক কেন্দ্ৰ কৰি একাংশ লোক তথা সংগঠনে অসমীয়া আৰু বঙালীৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে বুলি অভিযোগ কৰি তেওঁলোকে কয় যে অসমবাসীৰ এই সংগ্ৰাম কোনো জাতি বা ধৰ্মৰ বিৰুদ্ধে নহয়, বিদেশীৰ বিৰুদ্ধেহে, এ আই এছ এফে ১৯৭১ চনৰ পাছত অহা হিন্দু-মুছলমান সকলো বিদেশীৰ বহিষ্কাৰৰ দাবী কৰি আহিছে ।
সেয়ে সংগঠনটোৱে সংঘাত সৃষ্টি কৰিব বিচৰা পক্ষক কঠোৰ ভাষাৰে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দি অসমবাসীক এনে ষড়যন্ত্ৰত ভৰি নিদি ঐক্য-শান্তি বৰ্তাই ৰাখি ঐক্যবদ্ধভাৱে বিধেয়কৰ বিৰুদ্ধে গণতান্ত্ৰিক সংগ্ৰাম আগবঢ়াই নিয়াৰ আহ্বান জনায় ।
আনহাতে, কেন্দ্ৰীয় চৰকাৰে অধ্যাদেশ জাৰি কৰি দেশৰ ১৬খন জিলাত ধৰ্মৰ ভিত্তিত বিদেশীক বৰপীৰা পাৰি দিয়া কাৰ্যই সংবিধানৰ মৌলিক চৰিত্ৰ ধৰ্মনিৰপেক্ষতাক উলংঘা কৰিছে বুলি মন্তব্য কৰে সংগঠনটোৰ জিলা সম্পাদক যদু বৰাই ।
প্ৰতিবাদী সভাত বক্তব্য প্ৰকাশ কৰি এ আই এছ এফৰ জিলা সভাপতি ধনীৰাম পাত্ৰ আৰু এ আই ৱাই এফৰ জিলা সম্পাদক হেমন্ত গগৈয়ে কয় যে বিদ্যালয় একত্ৰিকৰণৰ নামত চৰকাৰখনে শিক্ষাৰ আইন খৰ্ব কৰি সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ একমাত্ৰ স্থল ৰাজহুৱা শিক্ষানুষ্ঠানসমূহ ধ্বংস কৰি শিক্ষা খণ্ডটোক সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণৰ ষড়যন্ত্ৰ কৰিছে ।
উল্লেখ্য যে এ আই এছ এফৰ জিলা সভাপতি ধনীৰাম পাত্ৰ আৰু জিলা সম্পাদক যদু বৰা, উপ-সভাপতি অভিলাষ নেওগৰ নেতৃত্বত প্ৰায় ডেৰ শতাধিক প্ৰতিবাদকাৰীয়ে জিলা উপায়ুক্তৰ যোগেদি মুখ্য মন্ত্ৰীলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা, চৰকাৰী শিক্ষানুষ্ঠানৰ ধংসযজ্ঞ বন্ধ কৰা, ছাত্ৰ-ছাত্ৰীৰ বাছভাৰা ৭০% ৰেহাই দিয়া আদি মুঠ পাঁচ দফীয়া দাবী সম্বলিত এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।
- Log in to post comments
- 16 views