লাহৰীঘাটত আমছুৰ বিশাল জন জাগৰণ সভা

লাহৰীঘাটত আমছুৰ বিশাল জন জাগৰণ সভা

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম

সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ (আমছু)ৰ উদ্যোগত লাহৰীঘাটত অনুষ্ঠিত হয় বিশাল জন জাগৰণ সভা । সভাত আমছুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমানে অতিথি হিচাপে উপস্থিত থাকি কয় যে আমছুৱে অসম চুক্তি মানি লৈ ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ বৈধ নথি-পত্ৰ থকা লোকৰ পক্ষত সদায় আছে ।

লাহৰীঘাটত আমছুৰ বিশাল জন জাগৰণ সভা

তাৰ পিছত অহা লোকৰ পক্ষত আমছু কেতিয়াও থাকিব নোৱাৰে বুলি স্থিতি স্পষ্ট কৰে । লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দুমুখীয়া স্হিতিৰো কঠোৰ সমালোচনা কৰে । লগতে কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইক তীব্ৰ সমালোচনা কৰে ।

সভাত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত সোণোৱাল চৰকাৰখনক কঠোৰ সমালোচনা কৰে । টেঙাগুৰি মজলীয়া বিদ্যালয় খেলপথাৰত দেওবাৰে অনুষ্ঠিত জন জাগৰণ সভাত বান-গৰাখহনীয়াৰ স্হায়ী সমাধান, শিশু শ্ৰমিক, বাল্যবিবাহ, অন্ধবিশ্বাস আদিৰ বিষয়ে আলোচনা কৰা হয় ।

লাহৰীঘাটত আমছুৰ বিশাল জন জাগৰণ সভা

উল্লেখ্য যে টেঙাগুৰি আঞ্চলিক আমছুৰ উদ্যোগত আৰু মৰিগাঁও জিলা আমছুৰ সহযোগত অনুষ্ঠিত জন জাগৰণ সভাত আমছুৰ আইনী উপদেষ্টা মোস্তফা খাদ্দাম হুছেইনকে ধৰি কেন্দ্ৰীয় আৰু জিলা আমছুৰ শীৰ্ষ বিষয়ববীয়াসকল উপস্থিত থাকে ।

সভাখনত অঞ্চলটোৰ প্ৰায় ২০ সহস্ৰাধিক লোক উপস্থিত থাকে ।

Your Comments