নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
"শ্ৰীশ্ৰী জগতগুৰু পুথিভঁৰাল অসমৰ গ্ৰামাঞ্চলত থকা সোণালী জয়ন্তী গৰকা সম্ভৱতঃ এটা বিৰল পুথিভঁৰাল ৷" নগাঁও জিলাৰ হাতীচোং মৌজাৰ খালৈগাঁৱৰ শ্ৰীশ্ৰী জগতগুৰু পুথিভঁৰালৰ বৰ্ণাঢ্য সোণালী জয়ন্তী অনুষ্ঠানৰ দেওবাৰে অনুষ্ঠিত অনুষ্ঠিত মুকলি সভাত এই মন্তব্য প্ৰকাশ কৰে অসমৰ বৰেণ্য সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ লক্ষ্মীনন্দন বৰাই ।
নিজৰ মুখ্য অতিথিৰ ভাষণত গৰীয়সীৰ সম্পাদক, যশস্বী সাহিত্যিকগৰাকীয়ে কয় যে এখন গাঁৱত এটা পুথিভৰাঁলে ৫০ বছৰ অতিক্ৰম কৰাটো এটা ডাঙৰ কথা ৷ তাৰবাবে এই অঞ্চলৰ ৰাইজ ধন্যবাদৰ পাত্ৰ ৷
হাতীচোং অঞ্চলৰে সু সন্তান ডঃ বৰাই কয় যে তেওঁৰ সমগ্ৰ সৃষ্টিৰাজিৰ প্ৰথমখিনিৰ বহু গল্প, উপন্যাসৰ পটভূমি এই খালৈগাঁও, গোসাঁইবৰি, এফলীয়াবৰিকে ধৰি সোণাইপৰীয়া হাতীচোং অঞ্চল ৷
তাহানিতে এই ঠাইসমূহৰ আলিয়ে-গলিয়ে চাইকেল লৈ ঘূৰি ফুৰা সোণালী দিনৰ কথা সুঁৱৰি তেওঁ নষ্টালজিক হৈ পৰে ৷ নিজৰ নাতিদীৰ্ঘ মনোজ্ঞ ভাষণত তেওঁ লগতে কয় যে কিতাপ পঢ়া মানুহৰ কোনো নিসংগতা নাই ৷
কিতাপ পঢ়া মানুহে নিসংগতাজনিত বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে ৷ আনহাতে, তেওঁ বৈদ্যুতিন মাধ্যমে ছপা মাধ্যমক ক্ষতি কৰা বুলি উঠা অভিযোগ খণ্ডন কৰি কয় যে আজি মুম্বাই, কলকাতাত মুকলি হোৱা কিতাপ এখন লগে লগে ইণ্টাৰনেটযোগে কিনিব পাৰি ৷
সভাখন সঞ্চালকৰূপে পৰিচালনা কৰে বৈষ্ণৱ পণ্ডিত, বিশিষ্ট লেখক, নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰবক্তা ডঃ সঞ্জীৱ বৰকাকতিয়ে ।
সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থকা বিশিষ্ট কবি, সুবক্তা ডঃ নন্দ সিং বৰক’লাই নিজৰ ভাষণৰ মাজেৰে পুথি অধ্যয়নৰ মাজেৰে নিজৰ ব্যক্তিত্ব কিদৰে সলনি কৰি নিজৰ পর্যবেক্ষিত মনক কিদৰে বিকাশ সাধন কৰিব পাৰে সেই সম্পৰ্কে সাৰুৱা ভাষণ ৰাখে ।
লগতে অস্বিত্ব বিপন্ন হোৱাৰ উপক্ৰম হোৱা অসমীয়া জাতিক জাতীয় ভাবনাৰে জাগ্ৰত হবলৈ আহ্বান জনায় ৷ সভাত বিশিষ্ট অতিথিৰূপে অংশ লৈ ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোহিনী মোহন ডেকাই ইণ্টাৰনেটতকৈ পুথিগত জ্ঞানক অধিক গুৰুত্ব প্ৰদান কৰিবলৈ নতুন প্ৰজন্মক পৰামৰ্শ প্ৰদান কৰে ।
আন এগৰাকী বিশিষ্ট বক্তা, গল্পকাৰ শিৱানন্দ কাকতিয়ে নিজৰ শৈশৱৰ স্থলী বৃহত্তৰ খালৈগাঁও অঞ্চলৰ স্মৃতি দাঙি ধৰে । খাৰখোৱা ফুডছেৰে অসম তথা অসমৰ বাহিৰতো থলুৱা সোৱাদৰ খাদ্যসম্ভাৰ প্ৰস্তুত কৰি জনপ্ৰিয় হৈ উঠা যুৱ-সাহিত্যিক দেৱাংগ পল্লৱ শইকীয়াই কেনেকৈ বহুজাতিক কোম্পানীৰ চাকৰি এৰি থলুৱা পেলনীয়া সমগ্ৰীৰে নিজৰ লগতে গাঁৱৰ মহিলাক স্বাৱলম্বনৰ বাট দেখুৱাইছে সেই সম্পৰ্কে নৱপ্ৰজন্মক অনুপ্ৰেৰণা যোগাব পৰা এক সাৰুৱা ভাষণ ৰাখে ।
তেওঁ প্ৰতি মাহে দুখনকৈ কিতাপ পুথিভঁৰাললৈ প্ৰেৰণ কৰিব বুলিও প্ৰতিশ্ৰিতি প্ৰদান কৰে ৷ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই সভাত উপস্থিত থাকি এনে এটা পুৰণি পুথিভঁৰাল তেখেতৰ সমষ্টিৰ ভিতৰত থকাৰ বাবে গৌৰৱবোধ কৰে আৰু পুথিভঁৰালটিৰ আন্তঃগাঁথনিৰ বাবে বিধায়ক পুঁজিৰ পৰা ৫ লাখ টকা অনুদান ঘোষণা কৰে ।
সঞ্চালক ডঃ সঞ্জীৱ কুমাৰ বৰকাকতিয়ে এনে এটি অনুষ্ঠান ৫০ বছৰে জীয়াই ৰখাৰ বাবে অঞ্চলবাসীক ধন্যবাদ জনায় আৰু অঞ্চলটোৰ নতুন প্ৰজন্মক কিতাপমুখী কৰাত অনুষ্ঠানটিয়ে মুখ্য ভূমিকা পালন কৰি যাব বুলি আশা প্ৰকাশ কৰে ।
সভাত উপস্থিত প্ৰতিজন ব্যক্তিক উদ্যাপন সমিতিৰ তৰফৰ পৰা একোখন বৰণ-পত্ৰ, এখনি গামোচা আৰু কিতাপৰ টোপোলা প্ৰদান কৰা হয় । সভাখন আঁতধৰি সাৱলীলভাৱে আগবঢ়াই নিয়ে আলিবাট প্ৰকাশনৰ স্বত্বাধিকাৰ, যুৱ-সাহিত্যিক প্ৰাঞ্জল কুমাৰ মহন্তই ।
- Log in to post comments
- 29 views