কলংপাৰৰ নেহৰুবালিত গ্ৰন্থৰ সুৱাস বিলাবলৈ সাজু উত্তৰ-পূব শিশু গ্ৰন্থমেলা

কলংপাৰৰ নেহৰুবালিত গ্ৰন্থৰ সুৱাস বিলাবলৈ সাজু উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা

নগাঁৱৰ পৰা ৱাহিদুদ জামান

"কিতাপ পঢ়ক জগত চিনক, কিতাপ পঢ়ক জগত জিনক" এই বৌদ্ধিক শ্লোগানেৰে অহা ৩১ অক্টোবৰৰ পৰা ৭ নৱেম্বৰ পৰ্যন্ত আঠদিনীয়া কাৰ্যসূচীৰে নগাঁও চহৰৰ কলংপাৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালি বাকৰিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত অনুষ্ঠিত হ'ব উত্তৰ-পূব শিশু গ্ৰন্থমেলা, ২০১৮ ।

উত্তৰ-পূব শিশু গ্ৰন্থমেলা সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া এই শিশু গ্ৰন্থমেলাৰ প্ৰস্তুতি তুংগত উঠিছে । 
উত্তৰ-পূব শিশু গ্ৰন্থমেলা, ২০১৮ৰ কাৰ্যসূচী অনুসৰি ৩১ অক্টোবৰৰ পুৱা ৯ বজাত গ্ৰন্থমেলাৰ পতাকা উত্তোলন কৰিব উত্তৰ-পূব শিশু গ্ৰন্থমেলা সমিতিৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই ।

কলংপাৰৰ নেহৰুবালিত গ্ৰন্থৰ সুৱাস বিলাবলৈ সাজু উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা

পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পণ কৰিব বিধায়ক তথা গ্ৰন্থমেলা সমিতিৰ কাৰ্যকৰী সভাপতি ৰূপক শৰ্মাই ৷ বিয়লি ১ বজাত গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন আৰু উদ্বোধনী সভা, বিয়লি ৫.৩০ বজাত গ্ৰন্থ বান্ধৱসকলৰ আদৰণী অনুষ্ঠান আৰু সন্ধিয়া ৬ বজাত গান্ধাৰ সংগীত বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।

১ নৱেম্বৰৰ পুৱা ১০ বজাত ৰেণেছাঁ জুনিয়ৰ কলেজৰ উদ্যোগত আলোচনা-চক্ৰ, বিয়লি ১ বজাত কলংপৰীয়া সাহিত্য আলোচনা চক্ৰ । বিয়লি ৪ বজাত মুকলি কুইজ, সন্ধিয়া ৬ বজাত কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব । আনহাতে, ২ নৱেম্বৰৰ পুৱা ১০ বজাত নগাঁও জিলা লেখিকা সংস্হাৰ আলোচনা-চক্ৰ ।

বিয়লি ১ বজাত অখিল ভাৰতীয় সাহিত্য পৰিষদ অসম, নগাঁও শাখাৰ উদ্যোগত অনুষ্ঠিত হ'ব "কাব্যিক চেতনাত জীৱনৰ ছন্দ" শীৰ্ষক আলোচনা-চক্ৰ । বিয়লি ৫.৩০ বজাত মুকলি কুইজ আৰু সন্ধিয়া ৬ বজাত বিদ্যানিকেতন, পুৰণিগুদামৰ সাংস্কৃতিক অনুষ্ঠান ।

৩ নৱেম্বৰৰ পুৱা ১০ বজাত আৰু বিয়লি ১ বজাত আলোচনা-চক্ৰ, সন্ধিয়া ৬ বজাত সন্দপনী বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠান । ৪ নৱেম্বৰৰ পুৱা ৯ বজাত শিশুৰ অনুষ্ঠান ৰং আৰু সাধুৰ ধেমালি, দুপৰীয়া ১২.৩০ বজাত সাধুকোৱা, ৰচনা, কবিতা আবৃত্তি প্ৰতিযোগিতা, বিয়লি ৪ বজাত সুৰৰ পানচৈ শিল্পী সমাজৰ অনুষ্ঠান "শৰতৰ আবেলি শব্দ সুৰৰ প্ৰতিধ্বনি", সন্ধিয়া ৬ বজাত নৱৰূপ জাতীয় বিদ্যাপীঠৰ সাংস্কৃতিক অনুষ্ঠান । ৫ নৱেম্বৰৰ পুৱা ১০ বজাত আলোচনা-চক্ৰ, বিয়লি ১.৩০ বজাত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত বিশেষ কাব্যানুষ্ঠান, বিয়লি ৩ বজাত নগাঁও জিলা সাহিত্য সভাৰ অনুষ্ঠান আৰু সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান ।

৬ নৱেম্বৰৰ পুৱা ১০ বজাত আলোচনা-চক্ৰ, বিয়লি ১ বজাত কবি সন্মিলন । ডঃ দিলীপ কুমাৰ ফুকনৰ সঞ্চালনাত অনুষ্ঠিত হ'বলগীয়া এই কবি সন্মিলনত বিশিষ্ট কবি জ্ঞান পূজাৰী, কমল কুমাৰ মেধি, প্ৰণৱজ্যোতি নদীয়াল, পাৰ্থজ্যোতি বৰা প্ৰমুখ্যে বহু কবিয়ে অংশগ্ৰহণ কৰিব । কবি সন্মিলনখনি উদ্বোধন কৰিব ডঃ বিপুলজ্যোতি শইকীয়াই । সন্ধিয়া ৬ বজাত খ্ৰীষ্টজ্যোতি স্কুলৰ সাংস্কৃতিক অনুষ্ঠান ।

আনহাতে, ৭ নৱেম্বৰৰ পুৱা ৯.৩০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা, পুৱা ১০ বজাত সদৌ অসম লেখিকা সমাৰোহ সমিতি, নগাঁও জিলা সমিতিৰ আলোচনা-চক্ৰ, পুৱা ১১ বজাত শিশু অনুষ্ঠান ''অসম বিধানসভা চলি আছে" ।

বিয়লি ১ বজাত গ্ৰন্থমেলাৰ সামৰণী অনুষ্ঠান আৰু মাধৱ কন্দলি বঁটা-২০১৮ আৰু বনবন্ধু-২০১৮ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব । 
 

Your Comments