বৰপেটা লোকসভা সমষ্টিৰ সাংসদ চিৰাজুদ্দিন আজমলে আজি বঙাইগাঁও জিলাৰ ৰাখালডুবিত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত অপৰম্পৰাগত শক্তিৰ সৌৰচাকি স্থাপন আঁচনিৰ আধাৰশিলা স্থাপন কৰে ৷
ইয়াৰ পিছতে এই উপলক্ষে অনুষ্ঠিত সভাত আধাৰশিলা স্থাপন কৰি সাংসদগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে ৰাষ্ট্ৰীয় ঘাইপথত সৌৰচাকি স্থাপন এটা প্ৰয়োজনীয় ব্যৱস্থা ৷
তেওঁ লগতে কয় যে বঙাইগাঁৱৰ স্থানীয় লোকৰ আবেদন অনুসৰি আই নদীৰ বানপানী নিয়ন্ত্ৰণ আৰু সুৰক্ষাৰ কাৰণে ব্যৱস্থা ল'ব ৷ তেওঁ আৰু উল্লেখ কৰে যে তেওঁৰ সংসদীয় সমষ্টিৰ উন্নয়নৰ বাবে ইতিমধ্যে ৩,৬০০ কোটি টকা মঞ্জুৰ কৰাই লৈছে ৷
সাংসদ হোৱাৰে পৰা তেওঁ নিজৰ সমষ্টিত ৫৫বাৰ আহিছে বুলিও কয় ৷ উল্লেখ্য যে ৰাখালডুবিত স্থাপন হ'বলগীয়া সৌৰচাকি আঁচনিৰ বাবে ১০ লাখ টকা ধাৰ্য কৰা হৈছে আৰু এই ধন সাংসদগৰাকীয়ে নিজৰ সাংসদ সমষ্টি উন্নয়ন পুঁজিৰ অধীনত আগবঢ়াইছে ৷
সভাত জিলা উপায়ুক্ত বাবুলাল শৰ্মাই আদৰণী ভাষণত কয় যে পোহৰেই সুৰক্ষা ৷ ৰাখালডুবিত সঘনাই হৈ থকা দুৰ্ঘটনা হ্ৰাস কৰাৰ অৰ্থে ঠাইখিনি নিশাৰ ভাগত পোহৰাই ৰখাৰ ব্যৱস্থা কৰা হ'ব ৷
তেওঁ আৰু কয় যে বঙাইগাঁও জিলা পথ সৰক্ষা সমিতিৰ সভা সঘনাই পাতি থকা হয় আৰু পথ সুৰক্ষাৰ বিভিন্ন ব্যৱস্থা লোৱা হয় ৷ সভাত গড়কাপ্তানী বিভাগৰ কোকৰাঝাৰ বৈদ্যুতিক সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জ্যোস্না ৰাণী ভৰালী আৰু বঙাইগাঁও জিলাৰ পৰিবহণ বিষয়া ভাস্কৰজ্যোতি দত্তয়ো বক্তব্য ৰাখে ৷
আনহাতে, সভাত শলাগৰ শৰাই আগবঢ়ায় বঙাইগাঁও জিলাৰ জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰ দেৱীয়ে ৷ সভাত জিলাৰ অতিৰিক্ত উপায়ুক্তসকলৰ লগতে বিভিন্ন বিভাগীয় মুৰব্বীসকল উপস্থিত থাকে ৷ একেদৰে উপস্থিত থাকে স্থানীয় ৰাইজ ৷
- Log in to post comments
- 10 views