নামৰূপৰ পৰা সমীৰণ বৰুৱা
ককায়েকৰ অবৈধ সম্পৰ্ক পোহৰলৈ অনাৰ বাবেই নিজ ভাতৃক হত্যা কৰা হত্যাকাৰী অনুপ কলিতা ওৰফে জান আৰু অনুপৰ সহযোগী দ্বিপমইনা দত্তই শুকুৰবাৰে এটা সপ্তাহৰ পিছত ডিব্ৰুগড় ছেছন আদালতত আত্মসমৰ্পণ কৰাৰ পিছতেই শনিবাৰে নিজৰ জিম্মাত লয় জয়পুৰ আৰক্ষীয়ে ।
উল্লেখ্য যে যোৱা দেওবাৰে পুৱতি নিশা ককায়েকে ভাওনা চাই ঘূৰি আহোঁতে গাড়ীৰে আগভেটি ধৰি দাৰে ঘপিয়াই ভাতৃ অজিত কলিতাক সংকটজনক অৱস্থাত পথৰ দাঁতিত পেলাই থৈ গৈছিল আৰু তাৰ পিছতই ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল অজিতৰ ।
সিফালে আৰক্ষীয়ে হত্যাকাৰী অনুপ কলিতাৰ গাড়ীৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত এখন দা, টাঙোন আৰু এডাল লোৰ ৰড উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আনহাতে, পৰিয়ালৰ লোকৰ দাবী- এই দুই হত্যাকাৰীক আইনে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে ।
- Log in to post comments
- 20 views