# ৰে'ল যাত্ৰীৰ বাবে ভাল খবৰ ৷
# ৰে'লযাত্ৰীৰ সুবিধাৰ বাবে ইউ টি এছ মোবাইল এপ্ছ মুকলি ।
# তিনিচুকীয়া মণ্ডল ৰে'লৱে কাৰ্যালয়ত এক সংবাদ মেলত মুকলি কৰে এপ্ছটো ৷
# এতিয়াৰে পৰা ৰে'লযাত্ৰীয়ে নিজৰ মোবাইলৰ পৰা ৰে'লৰ টিকট সংগ্ৰহ কৰিব পাৰিব ।
# অসংৰক্ষিত টিকট ক্ৰয় কৰাৰ বাবে এতিয়াৰে পৰা কাউণ্টাৰত দীঘলীয়া শাৰী পাতিব নালাগে ৰে'লযাত্ৰীয়ে ।
# উত্তৰ-পূব সীমান্ত ৰে'লৱে'ই শুকুৰবাৰৰ পৰা ৰে'লযাত্ৰীৰ সুবিধার্থে অসংৰক্ষিত টিকট ক্ৰয় কৰাৰ বাবে মুকলি কৰিছে এই সুবিধা ।
# এই কথা জানিবলৈ দিয়ে উত্তৰ-পূব সীমান্ত ৰে'লৱে' জনসম্পৰ্কৰক্ষী বিষয়া নিপেন ভট্টাচাৰ্যই ।
# তেওঁ লগতে জানিবলৈ দিয়ে যে অন্লাইন টিকট ক্ৰয় কৰাৰ বাবে ৰে'লযাত্ৰীসকলে মোবাইল ফোনত ইউ টি এছ এপটো ডাউনলোড কৰি আৰ ৱালেট আৰু পে'-টিএমৰ জৰিয়তে প্ৰয়োজনীয় টকা দিব লাগিব ।
# আনহাতে, এই পদ্ধতিৰে টিকট ক্ৰয় কৰাৰ পাছত যাত্ৰীসকলে বাতিল কৰিব নোৱাৰিব বুলিও জানিবলৈ দিয়ে ।
- Log in to post comments
- 31 views