চি বি আই বৰ্তমান হৈ পৰিছে বিজেপি ব্যুৰ' অব্‌ ইনভেষ্টিগেচন : মমতা বেনাৰ্জী

চি বি আই বৰ্তমান হৈ পৰিছে বিজেপি ব্যুৰ' অব্‌ ইনভেষ্টিগেচন : মমতা বেনাৰ্জী

পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে চি বি আইৰ নতুন নামকৰণ কৰে ৷ তেওঁৰ মতে চি বি আই হৈ পৰিছে বৰ্তমান বি বি আই অৰ্থাৎ বিজেপি ব্যুৰ' অব্‌ ইনভেষ্টিগেচন ৷

বৰ্তমান চলি থকা চি বি আই সম্পৰ্কীয় বাদানুবাদৰ ওপৰত মন্তব্য কৰি বংগ কন্যা মমতাই বুধবাৰে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'ৰ এইদৰে নতুন নামকৰণ কৰে ৷

'চি বি আই বৰ্তমান হৈ পৰিছে তথাকথিত বি বি আই (বিজেপি ব্যুৰ' অব্‌ ইনভেষ্টিগেচন)-- অতি দুৰ্ভাগ্যজনক ৷' মুখ্য মন্ত্ৰী বেনাৰ্জীয়ে নিজৰ টুইটত এনেদৰে মন্তব্য কৰে ৷

উল্লেখ্য যে নৰেন্দ্ৰ মোডী চৰকাৰে চি বি আইৰ সঞ্চালক অলোক বাৰ্মাক আজি ছুটীত যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

Your Comments