চেঙাৰ পৰা সুৰজিৎ পাঠক
নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মুকালমুৱা থানাৰ অন্তৰ্গত আদাবাৰীত শনিবাৰে বিয়লি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পাঁচজন লোক থিতাতে নিহত হোৱাৰ উপৰি ৩৮জনকৈ লোক আহত হয় ।
গুৱাহাটীৰ পৰা বৰপেটাৰ সৰ্থেবাৰী অভিমুখী এ এছ-২০-১৪২২ নম্বৰৰ এ এছ টি চি গাড়ীখনে আবেলি প্ৰায় ৩ বজাত আদাবাৰীৰ ওচৰত এখন দলঙৰ মূৰত নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত সোমাই যায় ।
গাড়ীখনৰ এটা অংশ পানীত সোমাই যোৱাত যাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগে । মুহূৰ্ততে অগণন লোক আহি দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযানত লাগি পৰে । দুৰ্ঘটনাটোত নিহত হোৱা লোককেইজন হ'ল হাজো কুলহাটীৰ পিজাৰা দাস, পিপলিবাৰীৰ ত্ৰৈলোক্য হালৈ, বৰক্ষেত্ৰী লচিমাৰ চিলবানু বেগম (৫৫) আৰু পম্পী বেগম ।
বাতৰি লিখা পৰলৈকে এজনক চিনাক্ত কৰিব পৰা নাই । নিহত চিলবানু আৰু পম্পী বেগম একেটা পৰিয়ালৰে আইতাক-নাতিনীয়েক । আহতসকলৰ অধিকসংখ্যককে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে অতি তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই কে'বাগৰাকী যাত্ৰীক জীৱন্তে উদ্ধাৰ কৰে । পিছত ঘটনাস্থলীত এছ ডি আৰ এফ উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় ।
আৰু অধিক মৃতদেহ ওলোৱাৰ সন্দেহ স্থানীয় লোকৰ । দুৰ্ঘটনাস্থলীত ইতিমধ্যে নলবাৰী জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস আৰু জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।
আনহাতে, ঘটনাস্থলীত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে চিকিৎসালয়ত উপস্থিত হৈ আহত লোকসকলৰ চিকিৎসাৰ সুব্যৱস্থা কৰে বুলি জানিব পৰা গৈছে ।
নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ভৱজিৎ বেজবৰুৱা ঘটনাস্থলীত উপস্থিত হৈ জৰাজীৰ্ণ পথছোৱা মেৰামতি কৰাৰ দাবী উত্থাপন কৰে প্ৰশাসনৰ ওচৰত ।
উল্লেখ্য যে উক্ত এ এছ টি চিখন প্ৰতিদিনে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ পৰা ৰামপুৰ-মুকালমুৱা হৈ গুৱাহাটীলৈ যায় । গুৱাহাটী-বৰপেটা পথৰ এই পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই এই শোকাৱহ ঘটনা সংঘটিত হ'বলৈ পালে বুলি ৰাইজে অভিযোগ কৰে ।
উক্ত দুৰ্ঘটনাত নিহত লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে বিভিন্ন দল-সংগঠনৰ লগতে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই ।
- Log in to post comments
- 22 views