লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম
বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে লাহৰীঘাট থানাত এজাহাৰ দাখিল মুছলিম ছাত্র সন্থাৰ । লগতে বিধায়কগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰৰো দাবী জনায় সংগঠনটোৱে । হোজাইৰ বিধায়ক শিলাদিত্যৰ বিতৰ্কিত মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা জনায় মুছলিম ছাত্র সন্থাই ।
বিধায়কগৰাকীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় । আজি ছাত্র সংগঠনটোৰ মৰিগাঁও জিলা সমিতিয়ে লাহৰীঘাট থানাত বিধায়কজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।
উল্লেখ্য যে গুৱাহাটী বোমা বিস্ফোৰণৰ পাছত বিধায়কগৰাকীয়ে বৈদ্যুতিন সংবাদ মাধ্যমত আলফা নেতা পৰেশ বৰুৱাৰ প্ৰসংগ উত্থাপন কৰি মুছলমান লোকসকলৰ ঈদৰ সময়ত ঈদগাহ ময়দানত বোমা ফুটাই দেখুৱাবলৈ আলফাক প্ৰত্যাহ্বান জনাইছিল ।
আলফাৰ সৈতে বিধায়ক শিলাদিত্যৰ সু-সম্পৰ্ক থকা বুলি উল্লেখ কৰি অসমত বসবাস কৰা ইছলাম ধৰ্মৰ লোকসকলক বিধায়কগৰাকীয়ে হত্যাৰ পৰিকল্পনা কৰিছে বুলি উল্লেখ কৰে ছাত্র সংগঠনটোৱে ৷ উল্লেখ্য যে বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন থানাত এজাহাৰ দাখিল কৰা হৈছে ।
- Log in to post comments
- 17 views