লাওখোৱা অভয়াৰণ্যত অবৈধ ভেটাৰে মৎস্য চিকাৰ

লাওখোৱা অভয়াৰণ্যত অবৈধ ভেটাৰে মৎস্য চিকাৰ

জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা

লাওখোৱা বন বিষয়া-বনকৰ্মী আৰু মাছমৰীয়াসকলৰ মাজত এক গোপন বুজাবুজিৰে লাওখোৱা অভয়াৰণ্যত অবৈধভাৱে ভেটা দি মাছ ধৰি আহিছে মাছমৰীয়াসকলে ৷ অকল মাছ ধৰাই নহয়, বনকৰ্মীসকলৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে চোৰাং কাঠ ব্যৱসায়ীসকলে বন ধ্বংস যজ্ঞ চলাই অহাৰ লগতে নিধন কৰি আহিছে বহু পশু-পক্ষী ৷

লাওখোৱা অভয়াৰণ্যত অবৈধ ভেটাৰে মৎস্য চিকাৰ

বিভিন্ন সময়ত স্হানীয় প্ৰকৃতিপ্ৰেমী দল-সংগঠনবোৰে অভিযোগ দি আহিছে যদিও গা নলৰে বন বিষয়া-কৰ্মীসকলৰ ৷ মাছমৰীয়াসকলে অবৈধ ভেটা দি লাওখোৱা সুঁতিকে ধৰি অন্যান্য সুঁতি সমূহত মাছ ধৰি আহিছে ৷ এই ক্ষেত্ৰত ৰাইজে বনমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে ৷ 

Your Comments