হয়বৰগাঁও-মৈৰাবাৰী ৰেল লাইনত গাৰ্ডৰ জৰিয়তে নিয়ন্ত্ৰিত হ'ব ৰেল'ৱে ক্ৰচিং 

ে

নগাঁবৰ পৰা ৱাহিদুদ জামান 
নগাঁবৰ হয়বৰগাঁৱৰ পৰা মৈৰাবাৰী সংযোগী ৰেললাইনৰ প্ৰতিটো ৰেল গেটৰ ৰখীয়াৰ ভূমিকা এতিয়াৰে পৰা পালন কৰিব মাত্ৰ এজন গাৰ্ডে । কেন্দ্ৰীয় ৰেলমন্ত্ৰী পীয়ুষ গোৱেলৰ নিৰ্দেশনাত সৰ্বভাৰতীয় প্ৰেক্ষাপটত পোনপ্ৰথমবাৰৰ বাবে যোৱা ১৪ ছেপ্টেম্বৰৰ পৰা হয়বৰগাঁও-মৈৰাবাৰী ৰেল ষ্টেচনৰ মাজৰ প্ৰতিটো ষ্টেচনতে এই নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে ।" - এই মন্তব্য উত্তৰ-পূৱ সীমান্ত ৰেল'ৱে লামডিং সংমণ্ডলৰ প্ৰৱন্ধক আশীষ শৰ্মাৰ ।

আজি হয়বৰগাঁও ৰেল ষ্টেচনত আয়োজিত এক সংবাদ মেলত শৰ্মাই এইদৰে মন্তব্য কৰি কয় - এই ব্যৱস্থা ইতিমধ্যে সফলো হৈছে । ইয়াৰ পুৰ্বে এই অঞ্চলত এখন ৰেলগাড়ী পাৰ হোৱাৰ সময়চোৱাত প্ৰতিটো ৰেল'ৱে ক্ৰচিঙৰ দুয়োপাৰে মানুহ দীৰ্ঘ সময় ধৰি অপেক্ষা কৰিবলগা হৈছিল । এতিয়া এই নতুন ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ ফলত ৰেল লাইন পাৰ হোৱাৰ বাবে মানুহে মাত্ৰ ১৫ মিনিট সময় অপেক্ষা কৰিব লাগে ।

উন্মুক্ত অৱস্থাত থকা ৰেলৱে গেটসমূহত চলন্ত ৰেলৰ আগত পৰি বহু লোকে প্ৰাণ হেৰুৱাব লগা হোৱাৰ কথা উল্লেখ কৰি শৰ্মাই কয় - এনে ঘটনা ৰোধ কৰিবৰ বাবে ভাৰতবৰ্ষৰ ভিতৰত পোনপ্ৰথম বাৰৰবাবে হয়বৰগাঁও-মৈৰাবাৰী ৰেল ষ্টেচনৰ মাজৰ প্ৰায় ৪৪.০৬ কিলোমিটাৰ ৰেল পথৰ ৫০ টা ৰেল'ৱে ক্ৰচিঙত এই নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে । এই ব্যৱস্থাৰ আধাৰত এজন গাৰ্ডেই প্ৰতিটো ৰেল ষ্টেচন মাষ্টৰক ৰেল গাড়ী পাৰ হোৱা সময়খিনিত ৰেল ক্ৰচিঙৰ গেট বন্ধ আৰু খোলাৰ বাবে ম'বাইল ফোন যোগে যোগাযোগ কৰি পদক্ষেপ গ্ৰহণ কৰিব ।

নগাঁও ষ্টেচনৰ নিচেই কাষতে ড্ৰাগছ আৰু অবৈধভাৱে চলি থকা অসামাজিক কাৰ্যকলাপ আৰু নগাঁও ৰেল ষ্টেচনত কেতবোৰ অনিয়ম সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বিষয়াগৰাকীয়ে এই সমগ্ৰ বিষয়সমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে । ইয়াৰ উপৰি শেনচোৱা ৰেল জংচনৰ প্লেটফ'ৰ্মটো যাত্ৰীসকলৰ সুবিধাৰ্থে ওখ কৰাৰ লগতে জংচনটো অত্যাধুনিক কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে।

তেওঁ শীঘ্ৰে নগাঁৱৰ পৰা এখন নতুন ৰেল চলাচল কৰিব বুলিও জানিবলৈ দিয়ে । এই সংবাদ মেলখনত এন এফ ৰেলৱেৰ মালিগাঁওস্থীত মুখ্য কাৰ্যালয়ৰ মুখ্য জনসম্পৰ্ক ৰক্ষী বিষয়া প্ৰণৱ জ্যোতি শৰ্মা, ৰেল'ৱে বিভাগৰ জেষ্ঠ অভিযন্তা এছ জৰ্জ, জন সম্পৰ্কৰক্ষী বিষয়া নিপেন ভট্টাচাৰ্য্যকে ধৰি কেবাগৰাকী বিষয়া উপস্থিত থাকে ।

Your Comments