আজি নেৰিষ্টৰ উদ্যোগত এটি বঁটা বিতৰণি অনুষ্ঠান অনুস্থিত হয় । গহপুৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক ললিত ভূঞাই সভাপতিত্বত আৰু নেৰিষ্টৰ পৰিচালন সঞ্চালক পিংকু চৌধুৰীৰ সঞ্চালনত যোৱা ২০/০৫/২০১৮ তাৰিখে হৈ যোৱা নেৰিষ্টৰ প্ৰাথমিক পৰ্যায়ৰ প্ৰতিভা সন্ধানী প্ৰতিযোগিতামূলক বৃত্তি পৰীক্ষাত কৃতীত্বৰে উত্তীৰ্ণ হোৱা বিশ্বনাথ জিলাৰ কন কন ছাত্র-ছাত্ৰীসমূহক বৃত্তিৰ মাননী, বঁটা আৰু প্ৰমাণ-পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গহপুৰ শাখা নেৰিষ্টৰ সঞ্চালক ভূৱেনেশ্বৰ তাঁতিয়ে । এই সভাখনত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যাপক মাধৱ বৰা, হাৱাজান জাতীয় বিদ্যালয়ৰ অধ্যক্ষ কলম ফুকন আৰু গহপুৰ বিশিষ্ট সমাজসেৱক ধ্ৰুৱজ্যোতি বৰা, বিপুল হীৰা, দিব্যজ্যোতি বৰা, কৃষ্ণমণি দাস, কল্পজ্যোতি বনীয়াৰ লগতে গহপুৰ মহকুমাৰ বহুসংখ্যক বিদ্যালয়ৰ সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে । লগতে উক্ত অঞ্চলবিলাকৰ দুই শতাধিক ৰাইজ উপস্থিত থাকে । অসম চৰকাৰৰ শিক্ষা বিভাগৰ অনুমতিপ্ৰাপ্ত নেৰিষ্টৰ সঞ্চালক পিংকু চৌধুৰীয়ে শিক্ষাই মানুহৰ জীৱনৰ আপুৰুগীয়া সম্পদ বুলি মন্তব্য আগবঢ়াই ।
নেৰিষ্টৰ গুৱাহাটী কাৰ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া বিজয় কুমাৰ নাথ আৰু সম্পাদক প্ৰদীপ শৰ্মাই নেৰিষ্টৰ পৰীক্ষা সম্পৰ্কে ছাত্র-ছাত্ৰী আৰু ৰাইজক অৱগত কৰায় ৷ আজিৰ সভাত উপস্থিত থাকে বিশ্বনাথ জিলাৰ কেন্দ্ৰীয় সমন্বয়ক ভূৱেনেশ্বৰ তাতী, ভৱানন্দ্ৰ গগৈৰ লগতে আন কেইবাজনো বিশিষ্ট লোক । উক্ত সভাতেই বিশ্বনাথ জিলা ২৪ গৰাকী স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক মানপত্ৰ আৰু বৃত্তিৰ মাননিৰে সম্বৰ্ধনা জনায় ।
- Log in to post comments
- 35 views