মানকাচৰত কম্পিউটাৰ দোকানত নিচাজাতীয় টেবলেট-কফ্‌ ছিৰাফ জব্দ

aa

ধুবুৰীৰ পৰা আমিনুৰ আহমেদ

মানকাচৰৰ নিউ মাৰ্কেটৰ কম্পিউটাৰ দোকানত মানকাচৰ আৰক্ষীয়ে দেওবাৰে পুৱা এক অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যৰ উদ্ধাৰ কৰাৰ লগতে মানকাচৰ থানাৰ ১নং পূব গাঁৱৰ নুৰুল ইছলামৰ পুত্ৰ হুছেন আলম (জেম) নামৰ সৰবাহকাৰীজনক আটক কৰিবলৈ সক্ষম হয় । মানকাচৰ আৰক্ষীয়ে জানিব দিয়া মতে আজি পুৱা ৯.৩০ বজাত মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উওম মালাকাৰৰ নিৰ্দেশত থানাখনৰ উপ পৰিদৰ্শক আজিজুল হক মণ্ডলে এক গোপন সুত্ৰৰ পম খেদি অভিযান চলায় আৰু মানকাচৰৰ নিউ মাৰ্কেটৰ কম্পিউটাৰ দোকানত মজুত থকা কফ্‌ ছিৰাফৰ ৬টা বটল আৰু নিচাজাতীয় ১৭৬ টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । যুবকজন বৰ্তমান মানকাচৰ আৰক্ষীয়ে আধিক তথ্যৰ বাবে জেৰা কৰি আছে ।

Your Comments