অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত প্ৰথমবাৰ অস্কাৰ যাত্ৰাৰ বাবে নিৰ্বাচিত হোৱা ৰীমা দাসৰ “ভিলেজ ৰকষ্টাৰ্ছ”ৰ প্ৰচাৰৰ বাবে খোদ মুখ্য মন্ত্ৰীয়ে ঘোষণা কৰা আৰ্থিক অনুদান বৰ্তমানেও লাভ নাই কৰা বুলি মঙলবাৰে স্বয়ং ৰীমা দাসে ৰাজহুৱাকৈ ঘোষণা কৰিবলগীয়া হোৱা ঘটনা প্ৰতিগৰাকী অসমবাসী ৰাইজৰ বাবে অত্যন্ত বেদনাদায়ক আৰু দুৰ্ভাগ্যজনক ৷
লগতে প্ৰয়োজনীয় পুঁজিৰ অভাৱত উপায়হীন হৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ব্যক্তি বিশেষৰ পৰা আৰ্থিক সাহায্য বিচাৰিবলগীয়া হোৱাটো সোণোৱাল চৰকাৰৰ বাবে চৰম লজ্জাজনক বুলি আখ্যা দিছে অসম প্ৰদেশ কংগ্ৰেছে ৷
আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক পেৰছ বিজ্ঞপ্তিযোগে এই অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ প্ৰেছ বিজ্ঞপ্তিটোত লগতে উল্লেখ কৰে যে জাতি, মাটি, ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ গঠন হোৱা পাছৰে পৰা চৰকাৰখনে সকলো ক্ষেত্ৰতে যেন প্ৰতিশ্ৰুতি ভংগৰ প্ৰতিযোগিতাতহে নামিছে ৷
মুখ্য মন্ত্ৰীয়ে ঘোষণা কৰিব লাগে বুলিয়েই ঘোষণা কৰি ৰাইজৰ বাহ বাহ লয় ৷ কিন্তু কাৰ্য ক্ষেত্ৰত সেয়া হৈ নুঠে ৷ ইয়াৰ উদাহৰণ হিচাপে প্ৰদেশ কংগ্ৰেছে উল্লেখ কৰে যে খোদ মুখ্য মন্ত্ৰীয়ে তিনি দিনৰ ভিতৰত ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰা হ’ব বুলি ঘোষণা কৰাৰ তিনি মাহৰ পাছতো সেয়া সম্ভৱ হৈ নুঠিল ৷
“ভিলেজ ৰকষ্টাৰ্ছ”ৰ ক্ষেত্ৰতো মুখ্য মন্ত্ৰীয়ে অতি সাধাৰণভাৱেই ঘোষণা কৰিলে নেকি বুলি উল্লেখ কৰি ৰাইজৰ মাজত প্ৰশ্ন উঠা বুলি প্ৰকাশ কৰে ৷ আনহাতে, আমোদ কৰ ৰেহাই দিয়াৰ নামতো বহুবল্কী উদ্যোগ মন্ত্ৰীয়ে “ভিলেজ ৰকষ্টাৰ্ছ”ক কেনেদৰে ৰাম ঠগন দিলে সেয়া সংবাদ মাধ্যমত প্ৰকাশ হৈছে বুলিও বিজ্ঞপ্তিটোত প্ৰকাশ ৷ মুখ্য মন্ত্ৰীৰ ঘোষণাক লৈ প্ৰদেশ কংগ্ৰেছে সন্দেহ ব্যক্ত কৰিবলৈ বাধ্য হোৱা বুলিও লগতে উল্লেখ কৰে ৷
চৰকাৰৰ জাতি, মাটি, ভেটি ৰক্ষাৰ ভুৱা প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে এগৰাকী অসমীয়া জীয়াৰীয়ে নিজ সৃষ্টিৰাজিৰে অকলেই বিশ্ববাসীৰ সন্মুখত জাতি, মাটিৰ নাম উজলাবলৈ বিশ্বমুখী যাত্ৰালৈ ওলোৱাৰ সময়ত চৰকাৰখনে যদি চৰকাৰী পুঁজিকেইটাকে উপযুক্ত সময়ত মুকলি কৰি দিবলৈ অপাৰগ হয় তেন্তে এনে দায়িত্বহীন আৰু অকামিলা চৰকাৰ নথকাই ভাল বুলি চৰকাৰৰ বিপক্ষে অভিযোগ উত্থাপন কৰে ৷
তেওঁলোকৰ আৰু অভিযোগ, যিখন চৰকাৰে নিজৰ ভাবমূৰ্তি আৰু সফলতাৰ প্ৰচাৰৰ বাবে বিজ্ঞাপনৰ নামত বিগত দুবছৰত প্ৰায় ৪৫ কোটি টকা খৰচ কৰিব পাৰে আৰু অহা তিনি বছৰত ১০০ কোটিৰো অধিক ধন খৰচ কৰিব বুলি বাতৰিত প্ৰকাশ হৈছে, সেইখন চৰকাৰে অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে অস্কাৰৰ বাবে নিৰ্বাচিত হোৱা ছবিখনৰ নিৰ্মাতাগৰাকীক বিশ্বজুৰি প্ৰচাৰৰ বাবে প্ৰয়োজনীয় পুঁজি যোগান ধৰিব নোৱাৰে কিয় ?
এই কাৰ্য অতি ধিক্কাৰজনক বুলি তেওঁলোকে গৰিহণা দিয়ে ৷ চৰকাৰৰ হাতত যদি ধনৰ অভাৱ তেন্তে অসমত থকা লাভজনক ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ যেনে অইল, অ’ এন জি চি, ক'ল ইণ্ডিয়াক আগবাঢ়ি আহিবলৈ চৰকাৰে বাধ্য কৰাওক বুলিও প্ৰদেশ কংগ্ৰেছে আহ্বান জনায় ৷
ইয়াৰ অন্যথা চৰকাৰে প্ৰয়োজনীয় ধন যোগান ধৰিব নোৱাৰে বুলি অসমৰ ৰাইজৰ সন্মুখত ৰাজহুৱাভাৱে ঘোষণা কৰক বুলি উল্লেখ কৰে ৷ আনহাতে, মোডী চৰকাৰক সমালোচনা কৰি কয়, আশ্চৰ্যজনকভাৱে ভাষণত সততে অসম প্ৰেমত গদ্গদ্ হোৱা মোডী চৰকাৰেও অস্কাৰমুখী ছবিখনক লৈ অসমবাসীৰ আশা-প্ৰত্যাশাৰ প্ৰতি কোনো গুৰুত্ব আৰোপেই কৰা নাই ৷
ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ ওলোৱা অসমীয়া ছবিখনক সহায়ৰ বাবে বাস্তৱৰ মোডী চৰকাৰক দায়বদ্ধতা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায় ৷ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সোণোৱাল চৰকাৰক “ভিলেজ ৰকষ্টাৰ্ছ”ক লৈ ল'ৰা-ধেমালি নকৰিবলৈ সকীয়াই দিয়াৰ লগতে তাৎক্ষণিকভাৱে অহা দুদিনৰ ভিতৰতে ঘোষিত আৰ্থিক অনুদান মুকলি কৰি দিয়াৰ উপৰি প্ৰয়োজনীয় পুঁজিৰ ব্যৱস্থা কৰিবলৈ প্ৰেছ বিজ্ঞপ্তিটোৰ জৰিয়তে দাবী জনায় ৷
- Log in to post comments
- 14 views