পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছৰ লগতে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰা, বঙাইগাঁও জিলাখনৰ বন্ধ হৈ থকা কল- কাৰখানাসমূহ অতিশীঘ্ৰে খোলা আৰু সকলো ভাৰতীয়ৰ নাম এন আৰ চিত অন্তৰ্ভূক্তিৰ দাবীত আজি চি পি আই ( এম)ৰ বঙাইগাঁও আঞ্চলিক কমিটিয়ে স্থানীয় গান্ধীময়দানত দিনৰ ১২ বজাৰ পৰা ২ বজালৈ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বঙাইগাঁও আঞ্চলিক কমিটিৰ সম্পাদক হৰেশ্বৰ দাসৰ লগতে জিলা সমিতিৰ ৰবীন দাস, সত্য পাঠক আদি উপস্থিত থাকি দাবীৰ সপক্ষে বক্তব্য ৰাখে ৷
- Log in to post comments
- 15 views