অটল অমৃত কাৰ্ডৰ অধীনত চিকিৎসা নকৰে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে

অটল অমৃত কাৰ্ডৰ অধীনত চিকিৎসা নকৰে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে

চৰকাৰে দিয়া অটল অমৃত অভিযান কাৰ্ডৰ অধীনত কৰ্কট ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান নকৰে গুৱাহাটীৰ ডাঃ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানে ৷ এই অভিযোগ ৰহাৰ পূব শালমাৰাৰ এগৰাকী মহিলা কৰ্কট ৰোগীৰ ৷

অটল অমৃত কাৰ্ডৰ অধীনত চিকিৎসা নকৰে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে

দীপালি ফুকন নামৰ প্ৰায় ৫০ বছৰীয়া মহিলাগৰাকী দুবছৰমান আগৰে পৰা বুকুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল ৷ চিকিৎসা গ্ৰহণ কৰিছিল বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৷ ঘৰৰ মাটি-বাৰী বিক্ৰী কৰি তিনিবাৰকৈ কেম' লৈছিল হাস্পতালখনত ৷

কিন্তু শেহতীয়াকৈ চিকিৎসকে অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি জানিব দিছিল আৰু তাৰবাবে ৪০ হাজাৰ টকা প্ৰথমে মহিলাগৰাকীক দাবী কৰিছিল আৰু পাছলৈ ১ লাখ লাগিব বুলি কয় ৷ কিন্তু ভেটিটোৰ বাহিৰে কোনো সম্পত্তি নথকাত অসহায় হৈ পৰে মহিলাগৰাকী তথা পৰিয়ালটো ৷

অটল অমৃত কাৰ্ডৰ অধীনত চিকিৎসা নকৰে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে

ইতিমধ্যে মহিলাগৰাকীয়ে লাভ কৰিছে স্বাস্থ্য বিভাগৰ অটল অমৃত অভিযানৰ কাৰ্ড ৷ সেই কাৰ্ড লৈ মহিলাগৰাকী চিকিৎসালয়খনলৈ যায় যদিও সেই কাৰ্ডৰ অধীনত বিনামূলীয়া চিকিৎসা কৰা নহ'ব বুলি চিকিৎসকে মহিলাগৰাকীক ওভতাই পঠায় ৷

আনকি চিকিৎসকে মহিলাগৰাকীক দুৰ্ব্যৱহাৰ কৰা বুলিও অভিযোগ কৰিছে মহিলাগৰাকীয়ে ৷ অসহায় হৈ মহিলাগৰাকী কাষ চাপিছে সাংবাদিকৰ ৷ যি সময়ত চৰকাৰে দৰিদ্ৰ লোকৰ চিকিৎসাৰ সুবিধাৰ্থে অটল অমৃত অভিযান কাৰ্ড বিতৰণ কৰিছে, সেই সময়ত ডাঃ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানখনে এই কাৰ্ডৰ অধীনত বিনামূলীয়া চিকিৎসা প্ৰদান নকৰাটো এক ডাঙৰ সাঁথৰ হৈ পৰিছে ৷
 

Your Comments