ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী চকীৰ অন্তৰ্গত কাজাইকাটা গৌৰাং নৈত বৃহস্পতিবাৰেবাৰে তিনিগৰাকী শিশু পুৱা ৬.৩০ বজাত গা ধুবলৈ গৈ সন্ধানহীন হয় যদিও ৰাইজে দুজন শিশুক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
কিন্তু আন এগৰাকী শিশু তছলিমা খাতুন (৬)ক উদ্ধাৰ কৰিব নোৱাৰিলে । পাছত উক্ত ঘটনাৰ খবৰ পাই বিলাসীপাৰা আৰক্ষী আৰু এছ ডি আ ৰ এফে দিনৰ ১ বজাত ঘটনাস্হলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় যদিও উদ্ধাৰ কাৰ্যত গাফিলতি কৰাৰ অভিযোগ কৰে ৰাইজে ৷
উদ্ধাৰ কাৰ্যত সফল হ'ব নোৱাৰি ৪ বজাত তেওঁলোক ঘটনাস্হলীৰ পৰা উভতি যায় । পিছত ৰাইজে শুকুৰবাৰে পুৱাৰ পৰা উদ্ধাৰ কাৰ্যত নামি অৱশেষত আজি পুৱা ৮ বজাত কাজাইকাটা দলঙৰ তলত শিশুটোৰ মৃত্যুদেহ ভাঁহি উঠা দেখা পাই ভূটভূটিৰে ৰাইজৰ সহযোগত বিলাসীপাৰাৰ অধিবক্তা চাহজামাল সেখ আৰু কোকৰাঝাৰ জিলাৰ এন এছ ইউ আইৰ সভাপতি জয়নুদ্দিন সেখ, এন এছ ইউ আইৰ কৰ্মী কাইয়ুম মণ্ডলে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
শিশুগৰাকীৰ মৃতদেহ পিছত নায়েৰ আলগা আৰক্ষী প্ৰশাসনৰ হাতত চমজাই দিয়ে । পিছত শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
এনে দুৰ্ঘটনাক লৈ প্ৰশাসন তথা এছ ডি আৰ এফৰ চৰম ব্যৰ্থতা তথা গাফিলতিক এন এছ ইউ আয়ে তীব্ৰ ধিক্কাৰ দিয়ে ।
- Log in to post comments
- 7 views