জয়পুৰ বৰ্ষাৰণ্যত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ

জয়পুৰ বৰ্ষাৰণ্যত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ

নামৰূপৰ পৰা সমীৰণ বৰুৱা

নাহৰকটীয়াৰ জয়পুৰ বৰ্ষাৰণ্যত অঘটন । খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া দঁতাল হাতীৰ মৃতদেহ উদ্ধাৰ । উল্লেখ্য যে শুকুৰবাৰে নিশা খাদ্যৰ সন্ধানত ওলাই আহিছিল বাৰ-তেৰ বছৰীয়া এটা প্ৰকাণ্ড দঁতাল হাতী ।

তাৰ পিছতই পুৱা স্থানীয় লোকে জয়পুৰৰ নাহৰজানৰ পথাৰত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে হাতীটোৰ মৃতদেহ । ইফালে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও কি কাৰণত হাতীটোৰ মৃত্যু হ'ল তাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা নাই ৷

হাতীটোৰ মুখমণ্ডলৰ পৰা পোক ওলোৱাৰ পৰা বন বিভাগৰ চিকিৎসকৰ সন্দেহ হয়তো দীৰ্ঘদিন ধৰি দুৰাৰোগ্য বেমাৰত ভুগি আছিল এই দঁতাল হাতীটো । আনহাতে, মৃত হাতীটো চাবলৈ স্থানীয় ৰাইজে ক্ষন্তেকতে ভিৰ কৰাৰ লগতে ৰাইজে পূজা-অৰ্চনা কৰি শেষ বিদায় দিয়ে ৷

বন বিভাগৰ চিকিৎসকে হাতীটোৰ মৰোণোত্তৰ পৰীক্ষা কৰাৰ পিছতেই সেই ঠাইতেই হাতীটোক পুতি থোৱাৰ লগতে হাতীটোৰ দাঁতটো সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে বন বিভাগে ৷

Your Comments