দৌলাশালত স্কুটীসহ সুৰা ব্যৱসায়ীক আটক

ss

চেঙাৰ পৰা সুৰজিৎ পাঠক 
নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশালত ৰমৰমীয়া হৈ পৰিছে বিলাতী সুৰা আৰু চুলাই মদৰ অবৈধ ব্যৱসায় । অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে দৌলাশাল আৰক্ষীয়ে । এদিন আগতে দৌলাশাল চ'ক বজাৰৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰাৰ পিছতে আজি পুনৰ বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয় দৌলাশাল আৰক্ষীয়ে ।

প্ৰায় পোন্ধৰ হাজাৰ টকাৰ বিলাতী সুৰা জব্দ কৰাৰ লগতে স্কুটীসহ এটা অবৈধ ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে । ধৃত ব্যৱসায়ীজন দৌলাশালৰ গণেশ ৰয় বুলি জানিব পৰা গৈছে । দীৰ্ঘদিন ধৰি অবৈধভাৱে সুৰাৰ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে ধৃত গণেশ ৰয়ৰ বিৰুদ্ধে । উল্লেখ্য যে আবকাৰী বিভাগটোৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ এচাম অসাধু ব্যৱসায়ীয়ে বৰক্ষেত্ৰীৰ বিভিন্ন স্থানত অবাধে চলাই গৈছে  বিলাতী সুৰা আৰু চুলাই মদৰ অবৈধ বেহা ।

দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জগানন্দ বড়োৰ সবল নেতৃত্বত দৌলাশালত সঘনাই চলিছে অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান । কিছুদিন আগতে ধৃত গণেশ ৰয়ৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিছিল দৌলাশাল আৰক্ষীয়ে ।  আজি পুনৰ স্কুটীসহ অবৈধ সুৰা ব্যৱসায়ী গণেশ ৰয়ক আটক কৰি দৌলাশাল আৰক্ষী চকীলৈ আনে । গণেশ ৰয়ৰ পৰা জব্দ কৰা স্কুটীখনৰ নম্বৰ হৈছ এএছ-১৪জি-২৯৩২ ।

বৰক্ষেত্ৰীৰ বিভিন্ন স্থানত সুলভ হৈ পৰা অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ নিৰ্লিপ্ত ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু ক্ষোভ প্ৰকাশ কৰে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই । এনেধৰণৰ সমাজবিৰোধী কাৰ্যৰ বিৰুদ্ধে আৰক্ষীক অধিক সক্ৰিয় হ'বলৈ দাবী জনাইছে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই ।

Your Comments