নাগ্ৰীজুলিত বনৰীয়া হাতীৰ তাণ্ডৱ : বিদ্যালয়ৰ মাধ্যাহ্ন ভোজনৰ চাউল-দাইল খালে বনৰীয়া হাতীয়ে

নাগ্ৰীজুলিত বনৰীয়া হাতীৰ তাণ্ডৱ : বিদ্যালয়ৰ মাধ্যাহ্ন ভোজনৰ চাউল-দাইল খালে বনৰীয়া হাতীয়ে

বাক্সা জিলাৰ নাগ্ৰীজুলিত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে । বনৰীয়া হাতীৰ বৃহৎ দল এটিৰ বিচৰণে নাগ্ৰীজুলি অঞ্চলত তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে । যোৱানিশা বনৰীয়া হাতীৰ বৃহৎ দল এটাই নাগ্ৰীজুলিস্থিত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত প্ৰৱেশ কৰে আৰু ভঁৰালঘৰটোৰ পকীবেৰ ভাঙি ঘৰটোৰ ভিতৰত থকা বহু পৰিমাণৰ মধ্যাহ্ন ভোজনৰ চাউল আৰু দুই বস্তা দাইল খায় ।

বনৰীয়া হাতীৰ জাকটোৱে খাটৰবাৰী চকতো উপদ্ৰৱ চলাই কেইবাখনো দোকান ভাঙি দোকানৰ ভিতৰৰ বস্তু খায় । ইয়াৰ উপৰি হাতীৰ জাকটোৱে বাল্টিপাৰ গাঁৱত প্ৰৱেশ কৰি কেইটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙে আৰু ঘৰৰ ভিতৰত থকা ধান-চাউল খাই তহিলং কৰে ।

নাগ্ৰীজুলিত বনৰীয়া হাতীৰ তাণ্ডৱ : বিদ্যালয়ৰ মাধ্যাহ্ন ভোজনৰ চাউল-দাইল খালে বনৰীয়া হাতীয়ে

আনহাতে, ভাৰত-ভূটান সীমান্ততৰ কুমাৰীকাটাৰ চেঁচাপানীত যোৱানিশা খাদ্যৰ সন্ধানত অহা হাতীৰ জাকটোৱে নিশা প্ৰায় ৮ বজাত বিপুল বড়ো, বুদ্ধা ওৰাং, তৰুণ বসুমতাৰী, নয়ন ভট্টৰায়ৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰি পেলায় ।

ইপিনে কুমাৰীকাটাৰ শিংৰামাৰী গাঁৱত পুৱাৰে পৰাই এটা বৃহৎ আকাৰৰ বনৰীয়া হাতীয়ে এজন লোকৰ বাৰীত মুক্তভাৱে বিচৰণ কৰি আছে । যাৰফলত স্থানীয় লোক আতংকিত হৈ পৰিছে আৰু বৰ্তমানলৈকে বন বিভাগৰ কোনো লোক উপস্থিত হোৱা নাই হাতীটো খেদিবলৈ ।


 

Your Comments