অগ্নিদগ্ধ শ্ৰমিকক লৈ বাৰ্জাৰ কৰ্তৃপক্ষৰ অৱহেলা : উত্তপ্ত পৰিস্থিতি বাৰ্জাৰ পেইন্ট ইণ্ডিয়া লিমিটেডত

অগ্নিদগ্ধ শ্ৰমিকক লৈ বাৰ্জাৰ কৰ্তৃপক্ষৰ অৱহেলা : উত্তপ্ত পৰিস্থিতি বাৰ্জাৰ পেইন্ট ইণ্ডিয়া লিমিটেডত

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

বাৰ্জাৰ পেইণ্ট ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই শ্ৰমিকসকলৰ ওপৰত এক প্ৰকাৰৰ শোষণ চলাই আহিছে বুলি আভিযোগ উত্থাপন কৰিছে খোদ কোম্পানীটোত কৰ্মৰত শ্ৰমিকসকলে । বৃহস্পতিবাৰে নলতলিস্থিত কোম্পানীটোৰ বইলিং বিভাগত কাম কৰি থকা অৱস্থাত আমবাগা উত্তৰ ভোমোৰাগুৰিৰ বিপ্লৱ মণ্ডল নামৰ এগৰাকী শ্ৰমিক অগ্নিদগ্ধ হৈ বৰ্তমান গুৱাহাটী নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে ।

প্ৰায় ৯০ শতাংশ অগ্নিদগ্ধ মৃত্যুৰ সৈতে যুঁজ দি থকা শ্ৰমিকজনৰ খবৰ ল'বলৈও অকণো আহৰি নাই কোম্পেনীটোৰ বিষয়া-মুৰব্বীসকলৰ । আনহাতে, বিষয়টো গাপদিয়াৰ উদ্দেশ্যৰে ইতিমধ্যে ২৪ বছৰ অতিক্ৰম কৰাৰ পাছতো আৰক্ষীক অৱগত নকৰাত সন্দেহ প্ৰকাশ কৰিছে সাধাৰণ ৰাইজে ।

অগ্নিদগ্ধ শ্ৰমিকক লৈ বাৰ্জাৰ কৰ্তৃপক্ষৰ অৱহেলা : উত্তপ্ত পৰিস্থিতি বাৰ্জাৰ পেইন্ট ইণ্ডিয়া লিমিটেডত

ইফালে ঘটনা সম্পৰ্কে সবিশেষ জানিবৰ বাব সাংবাদিক আৰু যুৱ ছাত্ৰ পৰিষদ, কলিয়াবৰ জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত হয় যদিও প্ৰৱেশদ্বাৰৰ গে'টত তলা লগাই দিয়ে ।

সাংবাদিক আৰু পৰিষদৰ দলটোক কোম্পেনীটোৰ মুৰব্বী-বিষয়াই লগ ধৰিবলৈ নহাৰ বিপৰীতে তেওঁলোক কাৰ্যালয়ত নাই বুলি মিছা মতাৰ বাবে পৰিস্থিতি উত্তপ্ত হৈ পৰে । লগে লগে ঘটনাস্থলীত কলিয়াবৰ মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ ৰিংখাঙ মচাহাৰী আৰু আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

ইতিমধ্যে ঘটনাটো আৰক্ষী অবগত নকৰাই গাপ দি থবলৈ চেষ্টি কৰাৰ অপৰাধত কোম্পানীটোৰ বিষয়া নীলেন দাসকে ধৰি দুজন বিষয়াক আটক কৰে । স্থানীয় ৰাইজ আৰু শ্ৰমিকে  অভিযোগ কৰা মতে, কোম্পানীটোত শ্ৰমিকসকলে এক অসুৰক্ষিত অৱস্থাত কাম কৰিবলগা হৈছে ।

বিশেষকৈ প্ৰয়োজনীয় অগ্নিনিৰ্বাপক ব্যৱস্থা, খোৱাপানী, জিৰণি ঘৰৰ সু-ব্যৱস্থা নাই ৷ যাৰবাবে শ্ৰমিক অগ্নিদগ্ধ  হোৱাৰ দৰে ঘটনা সংঘটিত হ'বলগা হৈছে । ইফালে নীলেন দাসে কোম্পানীটোৰ শ্ৰমিকসকলক মানসিকভাৱে শাস্তি দি দমন কৰি ৰাখে বুলি অভিযোগ উত্থাপ কৰিছে শ্ৰমিকে ।

এই লৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে এক উচিত তদন্তৰ দাবী কৰাৰ লগতে অগ্নিদগ্ধ শ্ৰমিকজনক চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব লাগে বুলি জিলা সমিতিয়ে দাবী জনায় ।
 

Your Comments