নিউজ ডেস্ক: অসুস্থতাৰ সৈতে যুঁজি যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে জনপ্ৰিয় অভিনেতা জয়ন্ত দাসে ৷ শনিবাৰে নিশা 8 বাজি 41 মিনিটত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ ৷
তেওঁৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ সৈতে জড়িত থকাসকলৰ লগতে তেওঁৰ অনুৰাগীসকল চিন্তিত হৈ পৰে। অসমীয়া চলচ্চিত্ৰ, ধাৰাবাহিক, আকাশবাণীৰ নাটক আদি প্ৰতিটো ক্ষেত্ৰতে শক্তিশালী অভিনয়েৰে অসমবাসীৰ হৃদয়ত এক বিশেষ আসন দখল কৰা দাসৰ বিয়োগ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগতে সমাজ জীৱনলৈও এক পূৰাব নোৱৰা ক্ষতি৷
- Log in to post comments
- 4 views