আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৪৫৫সংখ্যক তিৰোভাৱ তিথি

 A

নিউজ ডেস্ক:
আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে গুৰুজনাৰ ৪৫৫ সংখ্যক পূণ্যতিথি।
পুৱাৰে পৰা নাম-প্ৰসংগৰে ৰাজ্যৰ আকাশে-বতাহে মুখৰিত হৈছে হৰিনামৰ ধ্বনি। সত্ৰভূমি মাজুলী,সত্ৰনগৰী বৰপেটাৰ লগতে মহাপুৰুষজনাৰ জন্মস্থান বৰদোৱাৰ আলিপুখুৰীতো ভকত-বৈষ্ণৱসকলে  গুৰুজনাৰ নাম-কীৰ্তন কৰিছে।
আনহাতে ,আজি কোচবিহাৰৰ মধুপুৰ সত্ৰতো মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি বিভিন্ন কাৰ্যসূচীৰে পালন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে মধুপুৰ সত্ৰত পুৱা প্ৰভাত ফেৰীৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

Your Comments

Related Articles