
নিউজ ডেস্ক:
বিজেপি মহিলা মৰ্চাৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ সামৰণি অনুষ্ঠানত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ কৰা লোকসকলক পুনৰবাৰ সকীয়নি প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰী শৰ্মাই দেওবাৰে কয় যে, আগন্তুক ১০ দিনৰ ভিতৰত ৰাজ্যত বাল্যবিবাহৰ লগত জড়িত ৩০০০ লোকক গ্ৰেপ্তাৰ কৰা হ’ব।
হিমন্ত বিশ্ব শৰ্মাই কয় যে, তেওঁ মাত্ৰ জি-২০ শীৰ্ষ সন্মিলনৰ সামৰণিৰ বাবে অপেক্ষা কৰি আছে। শীৰ্ষ সন্মিলন শেষ হোৱাৰ লগে লগে তেওঁ দ্বিতীয় পৰ্যায়ৰ কাৰ্য্যসূচী আৰম্ভ কৰিব। তেওঁ লগতে কয় যে, মাত্ৰ ছমাহ পূৰ্বে অসমত বাল্য বিবাহৰ বাবে ৫ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু জি-২০ সন্মিলন সম্পূৰ্ণ নোহোৱালৈকে এই গ্ৰেপ্তাৰ কাৰ্যসূটী বন্ধ কৰি দিয়া হৈছিল। অহা ১০ দিনৰ ভিতৰত পুনৰ বাল্য বিবাহৰ সৈতে জড়িত গোচৰত ২০০০ৰ পৰা ৩০০০ লোকক গ্ৰেপ্তাৰ কৰা হ’ব।
- Log in to post comments
- 5 views