অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ প্ৰবাসী অসমীয়া অভিযন্তা ড° আৰতি বৰা বৰুৱাৰ মুকলি চিঠি

 A

 

 

নিউজ ডেস্ক:
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ প্ৰবাসী অসমীয়া অভিযন্তা বিশিষ্ট গবেষিকা ড° আৰতি বৰা বৰুৱাই অলপতে চছিয়েল মিডিয়া যোগে এখন মুকলি চিঠি প্ৰেৰণ কৰিছে । মূলতঃ ৰাজ্যৰ জলবায়ু আৰু প্ৰকৃতি সুৰক্ষাৰ হেতু কেইবাটাও বহুমূলীয়া পৰামৰ্শ প্ৰদান কৰি ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যত্ন কৰিছে ডঃ বৰুৱাই। 
অতি শেহতীয়াকৈ পাম খেতি সন্দৰ্ভত অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ওপৰতো এই একেখন পত্ৰতেই  নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশিষ্ট গবেষিকা গৰাকীয়ে। অসমীয়া হিন্দী আৰু ইংৰাজী এই তিনিটা ভাষাত লিখা চিঠিখনৰ মূল কথাখিনি তলত হুবহু উল্লেখ কৰা হ'ল। 

১/ পাম অভিজান বন্ধ কৰক। বিদেশী উদ্ভিদ - অধিক সংখ্যক উদ্ভিদ আমদানি কৰাটো পৰিৱেশ আৰু জলবায়ু দুয়োটাৰ বাবে ক্ষতিকাৰক। সৰিয়হ খেতিহে অসমৰ বাবে উপযোগী।

২/ দীপৰ  বিল হৈছে ভিজা মাটি।  নিশ্চিত কৰক যে ইয়াৰ ওপৰত কোনো অট্টালিকা নিৰ্মাণ কৰা নহয়। অনুগ্ৰহ কৰি ওচৰতে ঘৰ বনোৱা বন্ধ কৰক। ই গুৱাহাটীক শ্বাসৰুদ্ধ কৰি শেষত অসম, উত্তৰ-পূব ভাৰতকে শ্বাসৰুদ্ধ কৰি পেলাব ৷

৩/পুৰণি  “শাল” গছবোৰ কাটিলে এতিয়া  উষ্ণতা বৃদ্ধি পাব। নতুন গছবোৰ সেই পৰ্যায়লৈ বৃদ্ধি হ’বলৈ বহুত সময় লাগিব। অনুগ্ৰহ কৰি মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ স্বাস্থ্যৰ কথা চিন্তা কৰক।

৪/ প্ৰৱসী অসমীয়া সকল প্ৰিয়ংকা চোপ্ৰাৰ দৰেই ভাৰতীয়। অনুগ্ৰহ কৰি আমাক একে স্তৰতে ব্যৱহাৰ কৰক। তেওঁক দৰমহা দিয়া হৈছিল। আমি কিন্তু অসমৰ শুভাকাংক্ষী আৰু অসমত জন্ম লোৱা  অসমক ভাল পোৱা ব্যক্তি।

“প্ৰিয়ংকা চোপ্ৰাৰ সেই ধনৰাশিৰে স্থানীয় কৃষকসকলক সৰিয়হৰ খেতিৰ বাবে উৎসাহিত কৰিব পৰা গ’লহেঁতেন। অসমো সৰিয়হৰ তেলৰ বাবে বিখ্যাত হোৱাৰ সুযোগ আছে, ঠিক যেনেকৈ কেৰালা নাৰিকল তেলৰ বাবে, গুজৰাট মাটিমাহৰ তেলৰ বাবে, ইউক্ৰেইন সূৰ্য্যমুখী ফুলৰ বাবে, কানাডা কেন’লাৰ বাবে, আৰু আৰ্জেণ্টিনা সৰিয়হৰ তেলৰ বাবে বিখ্যাত হৈ পৰিছে।”

দীপৰ বিল - দীপৰ বিল (অগভীৰ হ্ৰদ)ক মাটিৰে ভৰাই বৃহৎ আৱাসিক ভৱন ,কমপ্লেক্স ইত্যাদি নিৰ্মাণ কৰি আছে। ই মাছ, চৰাই, উদ্ভিদ, জীৱ-জন্তুৰ এক গোটেই পৰিৱেশ তন্ত্ৰক প্ৰভাৱিত কৰিছে ।

Your Comments

Related Articles