নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে দায়িত্ব ল'লে ৰহাৰ মানসিক বিকাৰগ্ৰস্ত মহিলাক

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে দায়িত্ব ল'লে ৰহাৰ মানসিক বিকাৰগ্ৰস্ত মহিলাক

অৱশেষত নতুন জীৱন প্ৰাপ্তিৰ দিশে আগবাঢ়িল ৰহাৰ এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা । নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে আজি ৰহাৰ পদপথত আশ্ৰয় লোৱা লীণা বণিয়া নামৰ মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকীক চিকিৎসাৰ বাবে আগবাঢ়ি আহে ।

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ একান্ত প্ৰষ্টেচাত আজি বিয়লি ৰহা চক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপত দীৰ্ঘ দিন ধৰি ৰহাত অনাই-বনাই ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত লীণা বণিয়াক উদ্ধাৰ কৰি চিকিৎসা তথা যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দিহা কৰে ।

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে দায়িত্ব ল'লে ৰহাৰ মানসিক বিকাৰগ্ৰস্ত মহিলাক

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা সম্পাদিকা প্ৰণিতা মৰাঙৰ লগতে নগাঁৱৰ অধিৱক্তা শ্বাহনাজ চুলতানা, ৰূপালী গোস্বামী, নগাঁৱৰ অৰ্ধ-আইনী স্বেচ্ছাসেৱক দ্বীপেন শইকীয়া, দীপ্তি চেতিয়া, মীৰা ডেকা আজিৰ এই অভিযানত উপস্থিত থাকে ।

Your Comments