
নিউজ ডেস্ক:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানা কাণ্ডৰ মুল অভিযুক্ত আৰক্ষী বিষয়া বিমান ৰয়ে যোৱা ২৯ জুনত ঘগ্ৰাপাৰ থানা এৰি পলায়ন কৰাৰ কাৰ্যই সমগ্ৰ ৰাজ্যৰ লগতে স্তম্ভিত কৰিছে ঘগ্ৰাপৰীয়া ৰাইজক।৭২ ঘন্টা উকলি যোৱাৰ পিছতে ৰক্ষকে ভক্ষক ৰূপী এইজন লম্পট আৰু আসুৰিক তদানীন্তন আৰক্ষী বিষয়া বিমান ৰয়ক এই পৰ্যন্ত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে আজি দুপৰীয়া প্ৰতিকুল বতৰকো নেওচি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ঘগ্ৰাপাৰ, বৰাজোল,আল্লিয়া, পশ্চিম বনভাগ, ধমধমা,আৰু বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰায় দুশতাধিক ছাত্ৰ কৰ্মীয়ে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ সন্মুখত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
উল্লেখযোগ্য যে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভিতৰতে এগৰাকী কিশোৰীক উলংগ কৰি নিৰ্যাতন চলাই পলায়ন কৰা তদানীন্তন আৰক্ষী বিষয়া বিমান ৰয়ক অতি শীঘ্ৰ গ্ৰেপ্তাৰ কৰি দুষ্টান্তমুলক শাস্তি প্ৰদান কৰাৰ দাবীত আৰু গৃহ বিভাগ চুড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদ আছুৰ নেতা-কৰ্মীসকলে হাতে হাতে বেনাৰ, ফ্লেগ লৈ অসম চৰকাৰৰ গৃহ বিভাগ হায় হায়,অসম পুলিচ গৈ বে'ক,গৃহ বিভাগ হায় হায়,গৃহ বিভাগৰ দায়ত্বিত থকা মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক,অসম চৰকাৰ হায় হায়,কিশোৰী নিৰ্যাতন কৰা আৰক্ষী বিষয়া বিমান ৰয়ক গ্ৰেপ্তাৰ কৰক,বিমান ৰয়ক দুষ্টান্তমুলক শাস্তি দিয়ক, আদি শ্ল'গানৰে ঘগ্ৰাপাৰৰ আৰক্ষী থানাৰ চৌহদ কঁপাই তোলে।
বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন আহমেদ অংশগ্ৰহণ কৰি প্ৰতিবাদী ভাষণত কয় যে অসম আৰক্ষীৰ ওচৰত অসমৰ জনসাধাৰণ মুঠে সুৰক্ষিত নহয় বুলি উল্লেখ কৰাৰ লগতে যদিহে জনসাধাৰণৰ সুৰক্ষিত বুলি অসমৰ গৃহ বিভাগে ভাবিছে,তেতিয়া হলে লম্পট ঘোচখোৰ,পলাতক আৰক্ষী বিষয়া বিমান ৰয় আজি ভিতৰত গ্ৰেপ্তাৰ কৰি আৰক্ষী সফলতা দেখুওৱা দিয়ক বুলি মন্তব্য কৰে।লগতে নেতা গৰাকীয়ে অসম আৰক্ষীৰ এনে নিৰ্লজ্জ কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিয়ে অতি শীঘ্ৰ পলাতক বিমান ৰয়ক গ্ৰেপ্তাৰ কৰি প্ৰশাসনে দুষ্টান্তমুলক শাস্তি বাবে দাবী জনায়। বিক্ষোভস্থলীত সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে প্ৰতিবাদী ভাষণত অসম চৰকাৰৰ গৃহ বিভাগক কঠোৰ ভাষাৰে সমালোচনা কৰা লগতে উন্নয়নৰ ফটা ঢোল বজোৱা গৃহ বিভাগৰ দায়িত্ব থকা মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৃহ বিভাগৰ দায়িত্ব পৰা পদত্যাগ কৰা দাবী জনায়।কাৰ্যসূচীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই উপস্থিত থাকি কয় যে এই শেষ আন্দোলন হওক আৰু পলাতক আৰক্ষী বিষয়া বিমান ৰয়ক আৰক্ষীয়ে আজিৰ ভিতৰতে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকি নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই প্ৰতিবাদী ভাষণত কয় যে আৰক্ষী থানাতে যদি মহিলা,কিশোৰীক আৰক্ষীয়ে নিৰাপত্তা দিব নোৱাৰা অসম চৰকাৰৰ মুখ্য মন্ত্ৰীয়ে পদত্যাগ কৰাৰ প্ৰয়োজন বুলি সদৰী কৰে।
- Log in to post comments
- 19 views