
নিউজ ডেস্ক:
ৰাজ্যত পুনৰ সংঘটিত হৈছে গঁড় হত্যাৰ ঘটনা। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ চিধাঝাৰ বন শিবিৰৰ সমীপত উদ্ধাৰ হৈছে এটা গঁড়ৰ খৰ্গবিহীন কংকাল। উল্লেখ্য যে, বন শিবিৰটোৰ পৰা মাত্ৰ ৫০০ মিটাৰ আঁতৰত উদ্ধাৰ হোৱা এই গঁড়ৰ কংকালটোৱে এতিয়া সকলোকে চিন্তাত পেলাইছে ৷ বিশেষকৈ গঁড়টোৰ খৰ্গ নথকাৰ বাবে এয়া যে এক হত্যাকাণ্ড সেই বিষয়ে অনুমান কৰা হৈছে।উল্লেখ্য যে,যোৱা মে’ মাহতে চোৰাং চিকাৰীয়ে নিধন কৰা গড়টো গোপনে পুতি থৈছিল বন বিভাগে৷ বৃহস্পতিবাৰে উদ্ধাৰ হয় গড়টোৰ খৰ্গবিহীন কংকাল৷
- Log in to post comments
- 6 views