
নিউজ ডেস্ক:
২০২৪ চনত বিজেপিয়ে এন ডি য়ে নেতৃত্বত নৰেন্দ্ৰ মোডী তৃতীয় বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ব।এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া বিধান সভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ।
প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূৰ্তিৰ পিছতে, আগন্তুক বর্ষৰ লোকসভা নিৰ্বাচনৰ প্রস্তুতি-পর্ব হিচাপে আয়োজন কৰা মাহজোৰা মহা জনসম্পৰ্ক অভিযানৰ অংশস্বৰূপে আজি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰৰ কেইবাগৰাকী জ্যেষ্ঠ লোকৰ ঘৰে ঘৰে গৈ মত-বিনিময় কৰা পৰিলক্ষিত হয়।এই উপলক্ষে আজি দুপৰীয়া ভাগত ভাৰতীয় জনতা পাৰ্টি, ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মণ্ডলৰ অন্তৰ্গত ঘগ্ৰাপাৰ বাঘমাৰৰ সাংবাদিক বিৰেন কলিতা,বাঘমাৰাৰ গাঁও নিবাসী তথা নাগাৰা নামৰ বিশিষ্ট পাঠক কৈলাশ তালুকদাৰ, কটকীয়াৰ গাঁৱৰ আদৰ্শ কৃষক বসন্ত লহকৰ, চিলিং গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক মোহন বৰুৱা ঘৰলৈ সভাপতি গৰাকীয়ে গৈ কেন্দ্রীয় তথা ৰাজ্য চৰকাৰৰ জনহিতকৰ কার্যাৱলী সম্পর্কে তেওঁ
লোকৰ সৈতে আলোচনা কৰে।ইয়াৰ অন্তত সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অন্তোদয়ৰ দৃঢ় সংকল্প লৈ চলা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ কাৰ্যকালত সমাজৰ সকলো স্তৰৰ লোকৰেই উন্নয়ন সাধন হৈছে বুলি সদৰী কৰে।সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সাৱলীল নেতৃত্বত ভাৰতবৰ্ষ বিশ্বগুৰু হ'বলৈ তীব্ৰ গতিত আগুৱাই গৈছে বুলি উল্লেখ কৰি মোডীৰ নেতৃত্বত দেশৰ জনসাধাৰণ সৰ্বাংগীন বিকাশ হৈছে বুলি সদৰী কৰে।লগতে সভাপতি গৰাকীয়ে একেদৰে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমতো বিকাশৰ বন্যা বৈছে বুলি দাবী কৰে।ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ আজিৰ এই অভিযান কালত সংগ দিয়ে নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, সম্পাদক নন্দলাল চৰকাৰ, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, সাধাৰণ সম্পাদক মনোজ ডেকা, সম্পাদক শ্যামন্ত শৰ্মা, বিজেপি নেতা ভ্ৰমৰ মজুমদাৰ, কুলদ্বীপ কলিতা, ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,নলবাৰী যুৱ মৰ্চাৰ সভাপতি মৃগাংক দাস আদিয়ে।
- Log in to post comments
- 8 views