
নিউজ ডেস্ক:
বহু সমাদৃত অসমীয়া চলচ্চিত্ৰ "শ্ৰী ৰঘুপতি"য়ে অসমীয়া চলচ্চিত্ৰৰ সৰ্বকালৰ Box Office Collections ৰ ৰেকৰ্ড ভঙ্গ কৰি অসমৰ বাণিজ্যিক ভাৱে আটাইতকৈ সফল চলচ্চিত্ৰ হিচাপে নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে , ৰবি শৰ্মা, প্ৰীতি কংগনা অভিনীত চলচ্চিত্ৰখনৰ Box Office Collectionয়ে ১০ কোটিৰ ঘৰ অতিক্ৰম কৰিব বুলি অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে জানিবলৈ দিয়ে ।তেওঁ লগতে কয় যে “অসমীয়া চলচ্চিত্ৰক বাণিজ্যিক ভাৱে সফল কৰি তোলাৰ বাবে প্ৰতিজন চলচ্চিত্ৰ অনুৰাগীয়ে দেখা সপোন দিঠক হোৱাৰ পথত।”
- Log in to post comments
- 9 views