
নিউজ ডেস্ক:
অসমীয়া খিলঞ্জীয়া মুছলমান সকলৰ মাজত বিজেপি দল বৰ্তমান সময়ত জনপ্ৰিয় হৈ উঠিছে।গতিকে এই খিলঞ্জীয়া মুছলমান সকলক একগোট কৰাৰ ক্ষেত্ৰত সংখ্যালঘু মৰ্চা আগবাঢ়ি আহিব লাগিব- এই মন্তব্য অসম চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।
নৰেন্দ্র মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৯ বছৰীয়া সফল বৰ্ষপূৰ্তি উপলক্ষে মহা সম্পৰ্ক অভিযানৰ অংশ হিচাবে নলবাৰী সমষ্টি ভিত্তিত আজি বিজেপি ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মণ্ডলৰ অন্তৰ্গত খাতিকুছি দুৰ্গা মন্দিৰ সভা গৃহত এখন সংযুক্ত মৰ্চা সন্মিলন অনুষ্ঠিত হয়।
নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে আদৰণি ভাষন প্ৰদান কৰা উক্ত সন্মিলনত অংশ গ্রহণ কৰি নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জয়ন্ত মল্ল বৰুৱা নিজৰ ভাষণত আগন্তুক লোক সভা নিৰ্বাচনৰ বাবে বিজেপিৰ সকলো শাখাকে শক্তিভাৱে দলীয় কাম-কাম কৰিবলৈ আহ্বান জনায়। লগতে মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰংসগত ভাৰতীয় জনতা পার্টি দ্বাৰা গঠিত যুৱ মৰ্চা , মহিলা মৰ্চা , কিষান মৰ্চা, এছ.টি. মৰ্চা , এছ. চি. মৰ্চা , অ.বি.চি. মৰ্চাৰ দলীয় কাৰ্যক্ৰম সমূহ পৰ্য্যালোচনা কৰি অগন্তুক সময়ত কেনেদৰে এই মৰ্চা সমূহে চৰকাৰী বিষয়া কৰ্মচাৰী সকলৰ লগত সু সম্পৰ্ক ৰাখি নৰেন্দ্র মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ তথা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে বিভিন্ন জাতি জনগোষ্ঠি বাবে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনিসমূহ সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাৱে সোৱৰাই দি অনাগত দিনত অনুষ্ঠিত হব লগা প্ৰতিটো নিৰ্বাচনত ভাৰতীয় জনতা পার্টি অভিলেখ সংখ্যক ভোটত জয় লাভ কৰিব বুলি মন্তব্য কৰে । নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক শৰ্মাই আঁতধৰা উক্ত সন্মিলনত প্ৰতিকূল বতৰক নেউচি নলবাৰী বিধানসভা সমষ্টিৰ বড়িগোগ বনভাগ মণ্ডল, পূৱ নলবাৰী মণ্ডল আৰু নলবাৰী টাউন মণ্ডলৰ বিভিন্ন মৰ্চাৰ প্ৰায় ৫ শতাধিক নেতা কৰ্মী উপস্থিত অনুষ্ঠিত উক্ত সন্মিলনত যুৱ নেতা নন্দলাল সৰকাৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, সাধাৰণ সম্পাদক বিজয় বৰ্মন , নলবাৰী জিলা যুৱ মৰ্চাৰ সভাপতি মৃগাংক দাস , মহিলা মৰ্চাৰ সভানেত্ৰী মাধৱী ৰাজবংশী, সংখ্যালঘু মৰ্চাৰ সভাপতি চবিৰ আহমেদ, এছ.টি. মৰ্চা সভাপতি হিতেশ ব্ৰহ্ম, অবিচি মৰ্চাৰ সভাপতি নৰেন দাস , নলবাৰী পৌৰসভা সভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ, পূৱ নলবাৰী মণ্ডলৰ সভাপতি প্ৰতুল কলিতা, নলবাৰী টাউন মণ্ডলৰ সভানেত্ৰী অজিতা বৰ্মনে অংশ গ্রহণ কৰে ।
- Log in to post comments
- 7 views